প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ এসময়ৰ প্ৰেছ সচিব বিচিত্ৰ চৌধুৰীৰ বিজেপিত যোগদান

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এসময়ৰ প্ৰেছ সচিব তথা সৌ সিদিনালৈকে প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ পদত থকা বিচিত্ৰ চৌধুৰীয়ে আজি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে।
আজি গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত চৌধুৰীয়ে বিজেপিত যোগদান কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে তেওঁক দলৰ মজিয়ালৈ স্বাগতম জনোৱাৰ লগতে গামোচা আৰু বিজেপিৰ দলীয়া পতাকাৰে আদৰণি জনায়।
উল্লেখযোগ্য যে, বিচিত্ৰ চৌধুৰীয়ে ১৯৯৮ চনৰ পৰা ২০০০ চনলৈ দৈনিক অসম কাকতৰ ষ্টাফ ৰিপোৰ্টাৰ হিচাপে কৰ্মৰত আছিল।
দলত যোগদান কৰিয়ে চৌধুৰীয়ে স্ব-ইচ্ছাৰে বিজেপিত যোগদান কৰা বুলি উল্লেখ কৰি লগতে কয়, “মই কোনো মন্ত্ৰী-বিধায়ক হোৱাৰ আশাত বিজেপিত যোগদান কৰা নাই। বিজেপি দলৰ নীতি আদৰ্শত অনুপ্ৰাণিত হৈ বিজেপিত যোগদান কৰিছো।”
ইপিনে, পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এনেদেৰ কংগ্ৰেছী নেতাই বিজেপিত যোগদান কৰা বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে।