NORTHEAST NOW (Assamese)

চীনৰ সৈতে সংঘাতৰ মাজতে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাললৈ ফোন মাৰ্কিন নিৰাপত্তা উপদেষ্টাৰ

January 28, 2021 2:22 pm · এন ই নাও নিউজ

লাডাখকলৈ ভাৰত আৰু চীনৰ মাজত এতিয়াও বৰফ গলা নাই।

চীন-ভাৰতৰ মাজত এতিয়ালৈকে সীমা সমস্যাকলৈ নৱম লানি আলোচনা অনুষ্টিত হৈছে যদিও সমস্যাটোৰ কোনো আশু সমাধান ওলোৱা নাই ।

এনে সময়তে আজি ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাললৈ মাৰ্কিন নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে ফোন কৰাৰ কথাই বিশেষ তাযপৰ্য বহন কৰিছে।

ভাৰতৰ নিৰাপত্তা উপদেষ্টা দোভাললৈ ফোন কৰি মাৰ্কিন নিৰাপত্তা উপদেষ্টা ছুলিভানে কয় যে মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনে অনাগত দিনত ভাৰতৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিবলৈ বিচাৰে।

এই ক্ষেত্ৰত ভাৰতৰ নিৰাপত্তাৰ প্ৰতি আহিব পৰা যিকোনো ভাবুকি প্ৰতিহত কৰিবলৈ আমেৰিকাই ভাৰতক সহায় কৰি যাব বুলিও ছুলিভানে কথা দিয়ে।

ভাৰতৰ আৰু আমেৰিকাই আহি থকা দিন বোৰত সামৰিক ক্ষেত্ৰতচ সহযোগিতাৰে কাম কৰি যাব বুলিও দোভালক প্ৰতিশ্ৰুতি দিয়ে মাৰ্কিন নিৰাপত্তা উপদেষ্টা গৰাকীয়ে।ইপিনে হোৱাইট হাউচৰ সূত্ৰই প্ৰকাশ কৰা মতে চীন-ভাৰত সংঘাতৰ বিষয়টোৱেও এই আলোচনাত স্থান পায়।

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে এছিয়া-পেচিফিক অঞ্ডলত চীনৰ প্ৰভূত্ব নাইকিয়া কৰিবলৈ ভাৰতে আমেৰিকাৰ সহায় বিচাৰিছে।

এই অঞ্চলত আমেৰিকায়ো চীনৰ আধিপত্য মানি ল’ব বিচৰা নাই।

Related News