NORTHEAST NOW (Assamese)
Popular Stories

মোডীক দেখি বুকুৰ মাজলৈ টানি আনিলে বাইডেনে! স্তম্ভিত হৈ ৰ’ল বিশ্বৰ প্ৰতিনিধি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 20, 2023 8:29 pm

জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ জাপানলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। একেখন সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী তথা ৰাষ্ট্ৰদূতসকলো উপস্থিতি হৈছেগৈ জাপানৰ হিৰোচিমা চহৰত। এই শনিবাৰে দিনত অনুষ্ঠিত হোৱা এই বৈঠকত উপস্থিত আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনো। 

কিন্তু এই সন্মিলনৰ মাজতে প্ৰকাশ পালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ থকা জ’ বাইডেনৰ আন্তৰিকতা। সভাত বহি থকা নৰেন্দ্ৰ মোডীক দেখিয়েই মোডীৰ ওচৰলৈ নিজেই উঠি আহিল বাইডেন। মোডীৰ ওচৰলৈ আহিয়েই আন্তৰিকতাৰে সাৱটি ধৰিলে বাইডেনে। 

উল্লেখ্য যে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাৰিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে জাপানলৈ উৰা মাৰিছিল। জানিব পৰা মতে জি-৭ৰ বৈঠকৰ পাছত পাপুয়া নিউগিনি আৰু অষ্ট্ৰেলিয়াও ভ্ৰমণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

এই বৈঠকতে বাইডেন আৰু মোডীয়ে কথাৰ আদান-প্ৰদান কৰে। সংবাদ মাধ্যম এ এন আইয়ে প্ৰচাৰ কৰা এটা ভিডিঅ’ত দেখা যায় যে মোডীক বহি থকা দেখি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী নিজেই আগবাঢ়ি আহিছিল। বাইডেনক দেখি মোডীয়ো থিয় হ’ল। দুয়োজনে সাৱটি ধৰিলে। দুই ৰাষ্ট্ৰপতিৰ মাজতো কেইছেকেণ্ডমান কথাৰ আদান-প্ৰদানো চলিল।

উল্লেখ্য যে অহা জুন মাহত দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ মাজত বিশেষ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে। ইয়াৰ বাবে ২১ জুনৰ পৰা ২৪ জুনলৈ আমেৰিকা ভ্ৰমণ কৰিব মোডীয়ে। 

বাইডেনে ২২ জুনত ৰাতিৰ আহাৰ গ্ৰহণৰ বাবেও নিমন্ত্ৰণ জনাইছে মোডীক।