NORTHEAST NOW (Assamese)

ম্যানমাৰৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা জাৰি কৰাৰ হুংকাৰ মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনৰ

February 2, 2021 10:00 am · এন ই নাও নিউজ

ম্যানমাৰৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিকলৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিদেনে।

সামৰিক জুণ্টা প্ৰশাসনে ম্যানমাৰৰ শাসনভাৰ বলপূৰ্বক নিজৰ হাতলৈ নিয়া কাৰ্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিদেনে কয় যে সেনাই ম্যানমাৰত গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

গণতান্ত্ৰিক ভাবে নিৰ্বাচিত চৰকাৰ এখনক অপসাৰিত কৰি জুণ্টাই গণতান্ত্ৰিক প্ৰমূল্যবোধক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলিও তেওঁ কয়।

গণতন্ত্ৰকামী নেত্ৰী আং চান ছ্যুকীক আটক কৰা কাৰ্যৰো তেওঁ তীব্ৰ বিৰোধিতা কৰে।

বিদেনে বিশ্বৰ শীৰ্ষ ৰাজনীতিকসকলে একত্ৰিত হৈ ম্যানমাৰত বলেৰে ক্ষমতা হস্তগত কৰা সামৰিক শাসক উৎখাত কৰিবলৈও আহ্বান জনায়।

মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ম্যানমাৰৰ বিৰুদ্ধে পুনৰ অৰ্থনৈতিক নিষেধাজ্ঞা জাৰি কৰাৰো হুংকাৰ দিয়ে।

উল্লেখ্য ২০১৪ চনত থাইলেণ্ডত হোৱা সামৰিক অভ্যুত্থানৰ পিছতো আমেৰিকাই দেশ খনৰ বিৰুদ্ধে অৰ্থনৈতিককে ধৰি আন বহু বিষয়ত নিষেধাজ্ঞা জাৰি কৰিছিল।

Related News