NORTHEAST NOW (Assamese)
অসম

বহিঃবিশ্বৰ পৰা বিচ্ছিন্ন ম্যানমাৰ: কেইবা মাহলৈ সকলো বিমানৰ উৰণ তথা অৱতৰণ বন্ধ ৰখাৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 2, 2021 10:27 am
a tumblr_inline_o7rlpwEhU

সামৰিক শাসকে বলপূৰ্বক ক্ষমতা হস্তগত কৰি এবছৰৰ বাবে জৰুৰীকালিন অৱস্থা ঘোষণা কৰা ম্যানমাৰ হৈ পৰিছে বহিঃ বিশ্বৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন।

সামৰিক শাসকে দেশ খনৰ পৰা সকলো বিমানৰ উৰণ তথা বাহিৰৰ পৰা অহা বিমানৰ অৱতৰণত নিষেধোজ্ঞা জাৰি কৰিছে।

‘ম্যানমাৰ টাইমছ’ কাকতত প্ৰকাশিত বাতৰি অনুসৰি দেশখনৰ সকলো পাইলটকে পূৰ্ব অনুমতি অবিহনে বিমানৰ উৰণ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

কাকতখনত প্ৰকাশ পোৱা মতে সামৰিক শাসকে চলিত বৰ্ষৰ ৩১ মে’ পৰ্যন্ত বসকলো বিমানৰ উৰণ তথা অৱতৰণত নিষেধাজ্ঞা জাৰি কৰিছে।

ইপিনে দেশখনত থকা বিভিন্ন দেশৰ দূতাবাসে প্ৰকাশ কৰা মতে উৰণ নিষেধাজ্ঞা ৩০ এপ্ৰিললৈকে বাহাল থাকিব।

ইতিমধ্যে দেশ খনৰ সকলো বিমান বন্দৰ বন্ধ কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে।

এনে পৰিস্থিতিত ক্ৰমাৎ ৰাজনৈতিক অস্থিৰতা অধিক ঘনীভূত হৈ পৰা দেশ খনত বাস কৰা কোনো বিদেশী লোকেই বিমানেৰে তেওঁলোকৰ স্বদেশলৈ উভতি আহিব নোৱাৰিব।

উল্লেখ্য ১ ফ্ৰেব্ৰুৱাৰীৰ দিনা ম্যানমাৰৰ প্ৰতিৰক্ষাবাহিনীৰ মুৰব্বী  মিং আন লাইয়িঙৰ নেতৃত্বত সেনাই দেশ খনৰ শাসন হস্তগত কৰিছে আৰু দেশখনৰ ৰাষ্ট্ৰপতি ইউ উইন মিন্ত তথা আং চান ছ্যুকীক আটক কৰিছে।