NORTHEAST NOW (Assamese)

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

May 31, 2025 9:09 pm · এন ই নাও নিউজ, গুৱাহাটী

চৰম পৰ্যায়ত উপনীত হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাৰ মাজৰ বাকযুদ্ধ। যোৰহাটত বীৰ লাচিত সেনাই প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰাৰ পাছতেই সংগঠনটোৰ বিৰুদ্ধে সৰব হৈ উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। শেহতীয়াকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই সমালোচনাৰে থকাসৰকা কৰিছে বীৰ লাচিত সেনাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাক। শৃংখল চলিহাক চৰকাৰী পোহনীয়া বাঘ আৰু চাবি দিয়া পুতলা আখ্যা বিদ্যুৎ শইকীয়াৰ।

উজনিত অসমত হোৱা আন্দোলন প্ৰসংগত কৃষক মুক্তিৰ বিৰুদ্ধে শৃংখলৰ মন্তব্যৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিদ্যুৎ শইকীয়াই। কৃষক সংগঠনটোৰ কোনো আন্দোলন আজিলৈ সফল হোৱা নাই বুলি মন্তব্য কৰিছিল শৃংখল চলিহাই।তাৰ বিপৰীতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যেতিয়া নদীবান্ধ আন্দোলনৰ অবিৰতভাৱে কৰি আছিল, তেতিয়া শৃংখল চলিহাৰ বীৰ লাচিত সেনা কত আছিল বুলি প্ৰশ্ন বিদ্যুৎ শইকীয়াৰ।

বিদ্যুৎ শইকীয়াই কয়, ‘‘টোলগেটৰ বিৰুদ্ধে আমি কৰা আন্দোলনৰ বাবে অখিল গগৈ জেললৈ গৈছিল, ভূমিৰ অধিকাৰৰ বাবে কিধৰণে আন্দোলন কৰিছিল কৃষক মুক্তিয়ে সেয়া আকৌ কব লাগিব নেকি? কৃষক মুক্তিয়ে চান্দা তুলি খোৱা নাই, আমাৰ কৃষক মুক্তিৰ সদস্যই পথাৰত আন্দোলন কৰি খাইছে। যদি কেৱল ৫জন বিহাৰী নাপিতক লপা-থপা দিয়েই জাতীয়তাবাদ দেখুওৱা হয়, ইটা ভাটাত কাম কৰা নামনিৰ ১০জন শ্ৰমিকক উজনিত কাণত ধৰাই আঁঠু কঢ়ালেই যদি জাতীয়তাবাদ হয়, সেই জাতীয়তাবাদক আমি দুৰৰ পৰাই নমস্কাৰ কৰিছোঁ!’’

বিদ্যুৎ শইকীয়াই লগতে কয়, ‘‘নগাৰ বিৰুদ্ধে আন্দোলন কৰি ২০০বিঘা ভূমি আমি ঘূৰাই আনিছো, সেইসময়ত নাকত তেল দি শুই আছিল বীৰ লাচিত সেনা। আমাৰ দাবীৰ ভিত্তিত গুৱাহাটীত জিঞ্জাৰ হোটেল ভঙাৰ কথা কবলৈ বাধ্য হৈছে মন্ত্ৰীয়ে। সাহস আছে যদি দিছপুৰ-দিল্লীৰ বিৰুদ্ধে আন্দোলন কৰি দেখুৱাওক শৃংখল চলিহাই। সৌসিদিনা উজনিৰ পৰা মিঞা শ্ৰমিকক অত্যাচাৰ কৰি খেদিছিল শৃংখল বাহিনীয়ে। আজি আকৌ কেনেকৈ ইটা ভাটাত সেইসকল শ্ৰমিক নিয়োজিত হবলৈ পাৰিলে? নে ইটা ভাটাৰ মালিকৰে অংক হৈ গল বীৰ লাচিত সেনাৰ? উজনিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মাটি আজি বহিৰাগতৰ হাতত, সেইবিষয়ে কিয় তুশব্দ এটাও নাই শৃংখল চলিহাৰ?’’

বিদ্যুৎ শইকীয়াই লগতে কয়, ‘‘আমাৰ মুখ খুলিলে বহু কথাই কব পাৰোঁ। আন্দোলনত বিতৰ্কিত ৰঞ্জিত শইকীয়াৰ নাম আজিৰ তাৰিখত কিয় নাই শৃংখল চলিহাৰ মুখত? এতিয়া বহু মানুহে কৈছে কোনোবা এখন হোটেলত বহাৰ পাছতে শৃংখলৰ মুখত ৰঞ্জিত শইকীয়াৰ নাম নোহোৱা হ, এয়া হৈছে ভণ্ডামি। কোনখন সংবিধানত লিখা আছে যে সাধাৰণ মানুহে গুণ্ডা টেক্স লব পাৰে অসমত? শৃংখল চলিহাই মুকলিকৈ কোৱাৰ পাছতো কিয় গ্ৰেপ্তাৰ নহয়? কোনোবা চেনেলত আৰু কোন ৰাজনৈতিক দলৰ ছত্ৰছায়াত শৃংখলৰ আন্দোলন সেয়া অসমৰ মানুহ নাজানে নেকি?’’ মুখ আছে বুলিয়েই আবোল-তাবোল নবলকিব’- শৃংখল চলিহাক এই সতৰ্কবাণী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।

Related News