NORTHEAST NOW (Assamese)

অসম ৰাইফলছৰ বৃহৎ সাফল্য: জব্দ ৮৭ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ

September 14, 2023 8:10 am · এন ই নাও নিউজ, গুৱাহাটী

মিজোৰামত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ। অসম ৰাইফলছৰ এক অভিযানত উদ্ধাৰ হৈছে ৮৭ কোটিৰো অধিক মূল্যৰ ড্ৰাগছৰ এক বৃহৎ ভাণ্ডাৰ।

ম্যানমাৰ সীমান্তৰ সমীপৱৰ্তী মিজোৰামৰ চম্পাই জিলাত ৬০ কোটি টকাৰ দুই লাখ মেথামফেটামাইন টেবলেট উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে।

আনহাতে, একে স্থানৰ পৰা ২৭.৮৪ কোটি টকাৰ ৩.৯৭৮ কিলোগ্ৰাম হেৰ’ইনও উদ্ধাৰ কৰা হৈছে বুলি এক চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে।

এই বৃহৎ পৰিমাণৰ ড্ৰাগছ ভাণ্ডাৰ জব্দ কৰিলেও এই অসাধু চক্ৰটোৰ কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলিও জানিব পৰা গৈছে।

অসম ৰাইফলছৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ ভাষ্য মতে, নিৰাপত্তাৰক্ষীয়ে আটক কৰাৰ আগতেই দুই সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয়।

ইফালে এই ড্ৰাগছখিনি সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা কেইখনমান নিষিদ্ধ বাৰ্মিজ কেনবো বাইকো সেই স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে বুলি বিষয়াগৰাকীয়ে সদৰী কৰে।

জব্দকৃত এই মেথামফেটামাইন টেবলেট আৰু হেৰ’ইনসমূহ প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়াৰ বাবে মিজোৰামৰ জোখোৱাথাৰ আৰক্ষীক গতাই দিয়া হয় বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে।

Related News