NORTHEAST NOW (Assamese)

শালনাত উদ্ধাৰ দুষ্প্ৰাপ্য কিং-ক’ব্ৰা; দুলু বৰাই উদ্ধাৰ কৰি মুকলি কৰি দিলে সংৰক্ষিত বনাঞ্চলত

July 6, 2020 1:10 pm · ভার্গব হাজৰিকা
ফটো: নৰ্থইষ্ট নাও

নগাঁও জিলাৰ শালনাত উদ্ধাৰ হ’ল এডাল বৃহৎকায় কিং-ক’ব্ৰা অৰ্থাৎ ৰাজফেঁটি।

এজন স্থানীয় লোকৰ ঘৰৰ নাদত পৰি আৱদ্ধ হৈ থকা দুষ্প্ৰাপ্য সাপডালৰ বিষয়ে জানিব পাৰি সাপডাল উদ্ধাৰ কৰিবৰ বাবে ঠাই খনত উপস্থিত হয় চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা।

পৰিত্যক্ত নাদটোৰ পৰা কিং-ক’ব্ৰা ডালক বহু চেষ্টাৰ অন্তত অতি যতনেৰে উদ্ধাৰ কৰি অৱশেষত বন বিভাগৰ লোকৰ উপস্থিতিত চোৱাং সংৰক্ষিত বনাঞ্চলত সাপডালক মুকলি কৰি দিয়ে।

ফটো: নৰ্থইষ্ট নাও

মুখ্য মন্ত্ৰী সামূহিক কৰ্ম বটাঁ প্ৰাপক প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই  ঘটনাস্থলীৰ পৰা প্ৰায় ১০ফুট দৈৰ্ঘ্যৰ কিং-ক’ব্ৰা ডাল উদ্ধাৰ কৰি বনাঞ্চলত মুকলি কৰি প্ৰকৃতিপ্ৰেমৰ দৃষ্টান্ত দাঙি ধৰে।

অকল সেয়াই নহয়, বানপানীৰ সময়ত কোনো বন্য জীৱ-জন্তু জনাঞ্চলত প্ৰবেশ কৰিলে কেনেকৈ সেইসমূহক উদ্ধাৰ তথা সুৰক্ষা প্ৰদান কৰিব লাগে তাৰ বিষয়েও অঞ্চলবাসীৰ মাজত বৰাক সজাগতা সৃষ্টিৰ পূৰ্ণ প্ৰয়াস কৰা দেখা যায়।

Related News