NORTHEAST NOW (Assamese)

সকাহ! ইমৰাণ খানৰ গ্ৰেপ্তাৰক অবৈধ ঘোষণা উচ্চতম ন্যায়ালয়ৰ; শীঘ্ৰে মুকলি কৰি দিয়াৰ নিৰ্দেশ

May 11, 2023 7:04 pm · এন ই নাও নিউজ, গুৱাহাটী

পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ইমৰাণ খানৰ গ্ৰেপ্তাৰক অবৈধ বুলি ঘোষণা কৰিছে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে এই ঘোষণা কৰে।

পাকিস্তানৰ মুখ্য ন্যায়াধীশ ওমৰ আতা বান্দিয়ালে আদালতৰ চৌহদৰ পৰা কেনেকৈ এজনক গ্ৰেপ্তাৰ কৰিব পাৰে বুলি প্ৰশ্ন কৰে। ইমৰাণ খানক শীঘ্ৰেই মুকলি কৰি দিবলৈয়ো নিৰ্দেশ দিয়ে।

বৃহস্পতিবাৰে আল কাদিৰ ট্ৰাষ্টৰ গোচৰত পাকিস্তান তেহৰিক-ই-ইনছাফৰ (পি টি আই) অধ্যক্ষ ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে এই মন্তব্য কৰে।

পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় জবাবদিহিতা ব্যুৰো (নেশ্যনেল একাউন্টেবিলিটি ব্যুৰো-এন এ বি)ক এক ঘন্টাৰ ভিতৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

সেইমৰ্মে বিয়লি ৪:৩০ বজাৰ ভিতৰত হাজিৰ হ’ব লাগিছিল যদিও ৫:৪০ বজাত হাজিৰ কৰা হয়। ১৫খন বাহনৰ বেষ্টনিত ইমৰাণ খানক আদালতলৈ অনা হয়।

উচ্চতম ন্যায়ালয়ৰ ৰায়দান ইমৰাণ খানৰ পাকিস্তান তেহৰিক-ই-ইনছাফ দলৰ বাবে ‘সকাহ’ হ’ব বুলি কোৱা হৈছে।

Related News