NORTHEAST NOW (Assamese)

‘অপাৰেচন সিন্দুৰ’ৰ পুৱাই জন্ম এটি কন্যা সন্তানৰ; দম্পতিয়ে নৱজাতকৰ নাম ৰাখিলে ‘সিন্দুৰী’

May 8, 2025 5:37 pm · এন ই নাও নিউজ, নতুন দিল্লী

‘অপাৰেচন সিন্দুৰ’ৰ নামেৰে নামকৰণ কৰিলে নৱজাত কন্যাৰ নাম। বিহাৰৰ কাটিহাৰ জিলাৰ এহাল দম্পতীয়ে নিজৰ দেশৰ প্ৰতি এনে প্ৰেমৰ নিদৰ্শন দেখুৱাইছে। তেওঁলোকৰ নৱজাতকৰ নাম ৰাখিলে ‘সিন্দুৰী’।

যোৱা ৭ মে’ৰ পুৱা প্ৰায় ৯ বজাত কাটিহাৰৰ বালথি মহেশপুৰ গাঁৱৰ সন্তোষ মণ্ডলৰ পত্নী ৰাখী কুমাৰীৰ ঘৰত এটি মৰমলগা কন্যা সন্তানৰ জন্ম হয়। সেইদিনা ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত ‘অপাৰেচন সিন্দুৰ’ নামৰ অভিযান আৰম্ভ কৰে। এই অভিযান আছিল পেহেলগাম আক্ৰমণত মৃত্যু হোৱা সকলৰ বাবে দেশবাসীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন। সেই নামেৰেই দম্পতীহালে নিজৰ কন্যাৰ নাম ৰাখিলে।

নামকৰণৰ সন্দৰ্ভত সদ্য পিতৃ-মাতৃ সন্তোষ-ৰাখীয়ে কয়, “পাকিস্তানৰ বিৰুদ্ধে এই জয় আৰু একেদিনাই আমাৰ কন্যাৰ জন্ম – এইটো আমাৰ বাবে গৌৰৱৰ বিষয়।” এই ঐতিহাসিক অভিযানৰ নামত সকলোৱে নিজৰ কন্যাক চিনি পাব, সেয়ে এই সিদ্ধান্তত সমগ্ৰ পৰিয়ালটো অতিশয় সুখী।

সন্তোষৰ মতে, ভাৰতে পাকিস্তানৰ আক্ৰমণৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে। সিন্দুৰীয়ে ডাঙৰ হ’লে ভাৰতীয় সেনাবাহিনীত যোগদান কৰিব বুলিও তেওঁ কয়।

উল্লেখ্য যে ‘সিন্দুৰী’ শব্দটো ‘সিন্দুৰ’ৰ পৰা আহিছে, যিটো হিন্দু মহিলাসকলে বিবাহৰ সময়ৰ পৰাই গোটেই জীৱন ব্যৱহাৰ কৰি আহিছে। স্বামীৰ শুভকামনাও সিন্দুৰৰ অস্তিত্বত জড়িত হৈ থাকে। ২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণত নিহত পুৰুষসকলৰ পত্নী বিধৱা হৈ পৰিছে, তেওঁলোকৰ জীৱনৰ পৰা মচি গৈছে সেই সিন্দুৰৰ অস্তিত্ব। ভাৰতৰ অভিযানৰ নামকৰণ সেই মহিলাসকলৰ প্ৰতি সন্মান আৰু সহমৰ্মিতাৰ প্ৰকাশ।

কোনো এটা ঘটনাৰ পৰা অনুপ্ৰাণিত হৈ শিশুৰ নাম দিয়াটো ভাৰতীয়ৰ বাবে নতুন কথা নহয়। কোভিড-১৯ মহামাৰীৰ সময়ত ছত্তীশগড়ৰ এহাল দম্পতীয়ে নিজৰ যমজ সন্তানৰ নাম কৰোনা আৰু কোভিড ৰাখিছে। মধ্যপ্ৰদেশৰ আন এহাল দম্পতীয়ে পুত্ৰৰ নাম লকডাউন যাদৱ ৰাখিছে।

Related News