NORTHEAST NOW (Assamese)

শপতগ্ৰহণৰ তিনিদিন পিছতে পদত্যাগ বিহাৰৰ শিক্ষামন্ত্ৰী মেৱালাল চৌধুৰীৰ

November 19, 2020 5:48 pm · এন ই নাও নিউজ

নীতিশ কুমাৰৰ নতুন চৰকাৰখনৰ কাম-কাজ যেন আৰম্ভ হ’ল পদত্যাগেৰে।শপ্তগ্ৰহণৰ তিনিদিন পিছতেই আজি বিহাৰৰ শিক্ষামন্ত্ৰী মেৱালাল চৌধুৰীয়ে পদত্যাগ কৰে।

বিহাৰৰ আটাইতকৈ ধনী মন্ত্ৰী হিচাবে চৰ্চালৈ অহা মেৱালাল চৌধুৰীৰ বিৰুদ্ধে উত্থাপন হৈ আহিছিল একাধিক দুৰ্নীতিৰ অভিযোগ। আনকি দুৰ্নীতিৰ অভিযোগতে তেওঁক দলৰ পৰাও বহিস্কাৰ কৰা হৈছিল যদিও মেনেজ মাষ্টাৰ হিচাবে পৰিচিত চৌধুৰীয়ে পুনৰ দললৈ উভতি আহিবলৈ সক্ষম হৈছিল।

শেহতীয়াকৈ নীতিশ কুমাৰৰ মন্ত্ৰী সভাত পুনৰ দুৰ্নীতিগ্ৰস্ত মেৱালাল চৌধুৰীক শিক্ষা মন্ত্ৰীৰ পদ দিয়াত আৰ জে ডিকে ধৰি বিৰোধী দল সমূহে তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰিছিল।

নীতিশ কুমাৰে মেৱালালৰ দৰে লোকক তেওঁৰ ১৪ জনীয়া মন্ত্ৰীসভাত স্থান দি দুৰ্নীতিক প্ৰশ্ৰয় দিব বিচাৰিছে বুলি আৰ জে ডিয়ে অভিযোগ কৰিছে।

উল্লেখ্য আজি পদত্যাগ কৰা মেৱালালৰ বিৰুদ্ধে ২০১৭ চনতে দুৰ্নীতিৰ গোচৰ থানাত ৰুজু হৈছিল।

জনতা দল ইউনাইটেডৰ প্ৰাৰ্থী হিচাবে তাৰাপুৰ সমষ্টিৰ পৰা বিজয়ী হোৱা বিধায়কগৰাকীৰ বিৰুদ্ধে ভাগলপুৰ কৃষি বিশ্ববিদ্যালয়ত নিযুক্তি কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উঠিছিল।

চৌধুৰীয়ে শেহতীয়াকৈ এক অনুষ্ঠানত  জাতীয় সংগীত গাবলৈ গৈ থমকি ৰ’বলগীয়া হোৱাৰ ভিডিঅ’ই দেশ জুৰি চৰ্চা লাভ কৰিছে।

Related News