NORTHEAST NOW (Assamese)

বিহাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান সুকণ্ঠী গায়িকা মৈথেলী ঠাকুৰৰ

October 14, 2025 8:49 pm · এন ই নাও নিউজ, গুৱাহাটী

অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল। বিজেপিত যোগদান কৰিলে জনপ্ৰিয় ভোজপুৰী কণ্ঠশিল্পী মৈথেলী ঠাকুৰে। খবৰ অনুসৰি বিহাৰৰ বিধানসভা নিৰ্বাচনত মৈথেলীয়ে বিজেপিৰ পৰা টিকট লাভ কৰিব। মঙলবাৰে বিয়লি বিজেপিৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত পাটনা বিজেপিত নাম পঞ্জীয়ন কৰে গায়িকাগৰাকীয়ে।

বিহাৰৰ মধুবনী জিলাত জন্মগ্ৰহণ কৰা মৈথেলীয়ে কম বয়সতে লোকগীতৰ জড়িয়তে জনপ্ৰিয়তা লাভ কৰিছিল। মৈথেলীয়ে নিজৰ পিতৃ তথা লোকগায়ক ৰমেশ ঠাকুৰৰ দৰে সংগীতকে নিজৰ কেৰিয়াৰ হিচাপে বাছি লৈছিল। লিটল চেম্প আৰু ইণ্ডিয়ান আইডলৰ দৰে কেইবাটাও ৰিয়েলিটি শ্বৰ মঞ্চত তেওঁৰ সুৰীয়া কণ্ঠৰ যাদুৰে দৰ্শকক আপ্লুত কৰিছে। বিগত সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজমুখে মৈথেলীৰ গীতৰ প্ৰশংসা কৰিছিল।

বহু দিনৰ পৰা  মৈথেলীয়ে ৰাজনীতিত যোগদান কৰিব বুলি জল্পনা-কল্পনা চলিছিল। আমোদজনক কথাটো হ, নিৰ্বাচন আয়োগেও মৈথেলীক বিহাৰৰ ‘ষ্টেট আইকন হিচাপে নিযুক্তি দিছিল। অৱশ্যে এতিয়া মৈথেলীয়ে সেই পদবীটো এৰিব লাগিব। সূত্ৰ অনুসৰি সকলো ঠিকে থাকিলে বিধানসভা নিৰ্বাচনতো মৈথেলীয়ে টিকট পাব। মৈথেলীয়ে বিজেপিৰ পৰা দৰভঙাৰ আলিনগৰ সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে।

ইয়াৰ পূৰ্বে ভোজপুৰী ছুপাৰষ্টাৰ পৱন সিঙেও বিজেপিত যোগদান কৰিছিল। কিন্তু পত্নীক লৈ হোৱা বিতৰ্কৰ বাবে বিজেপিয়ে তেওঁক নিৰ্বাচনী পথাৰত থিয় কৰোৱাব নোৱাৰিলে।

Related News