NORTHEAST NOW (Assamese)

ক’ৰ’না সংক্ৰমণৰ ফলত আৰু এগৰাকী মন্ত্ৰীৰ দেহাৱসান

October 16, 2020 9:27 am · এন ই নাও নিউজ

মহামাৰী ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত বিহাৰ চৰকাৰৰ আৰু এগৰাকী মন্ত্ৰী মৃত্যুমুখত পৰিছে। মৃত্যু হোৱা মন্ত্ৰী গৰাকী হৈছে কপিল দেব কামত।

মধুবনীৰ বাবুবৰহীৰ পৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা কামত ৰাজ্য চৰকাৰৰ পঞ্চায়তী ৰাজ মন্ত্ৰী আছিল।

মন্ত্ৰী গৰাকীৰ নিধনত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰে গভীৰ শোক প্ৰকাশ কৰে।

উল্লেখ্য যে ক’ৰ’না সংক্ৰমণ হোৱাৰ পিছৰে পৰা মন্ত্ৰী কামতৰ শাৰিৰীক অৱস্থাৰ দ্ৰুত অৱনতি ঘটিবলৈ ধৰিছিল।

পাটনা এইমছত চিকিৎসা গ্ৰহণ কৰি থকা কামাতৰ আগৰে পৰা কিডনীৰ সমস্যা আছিল। ভেণ্টিলেটৰত ৰাখি চিকিৎসা প্ৰদান কৰি আছিল যদিও মাজ নিশা তেওঁৰ মৃত্যু ঘটে।

মন্ত্ৰী গৰাকীৰ মৃত্যুত মুখ্য মন্ত্ৰী নীতিশ কুমাৰে কয় যে তেওঁ অতি সহজ-সৰল ব্যক্তি আছিল। কেবিনেটত মোৰ সহযোগী হোৱাৰ উপৰি সুশাসক আৰু জনপ্ৰিয় নেতা আছিল।

এইগৰাকী মন্ত্ৰীৰ মৃত্যুত মুখ্য মন্ত্ৰী নীতিশে ব্যক্তিগতভাৱে ৎথেষ্ট দুখ পোৱা বুলি উল্লেখ কৰি তেওঁৰ মৃত্যু ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে।

ইফালে জানিব পৰা মতে আজি ৰাজকীয় সন্মানেৰে মন্ত্ৰী কপিল দেব কামাতৰ অন্তিম সৎকাৰ কৰা হ’ব।

Related News