NORTHEAST NOW (Assamese)
দেশ

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 9, 2022 9:36 pm
Akhilesh Yadav on Bihar Politics

অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই আজি বিজেপিৰ সৈতে আনুষ্ঠানিকভাৱে মিত্ৰতা ভংগ কৰিলে বিহাৰৰ শাসনাধিষ্ঠ জেডিইউ- এ। বিজেপিৰ আগ্ৰাসী ৰাজনীতিৰ পৰা মুক্ত হোৱাৰ পণ লৈ নীতিশ কুমাৰে বিজেপিৰ সঙ্গ এৰি বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰাও পদত্যাগ কৰিলে।

বিজেপিৰ বিৰুদ্ধে নীতিশ কুমাৰৰ এই সিদ্ধান্তই দেশৰ ৰাজনীতিত এক ধুমুহাৰ সূচনা কৰিছে। কুমাৰৰ এই সবল সিদ্ধান্তৰ পাছতেই তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে দেশৰ বিৰোধী ৰাজনৈতিক মহল।

আন আন বিৰোধী দলৰ নেতাৰ লগতে সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱেও বিহাৰৰ এই ৰাজনৈতিক পট পৰিৱৰ্তনক লৈ আশাবাদী হৈ পৰিছে।

বিহাৰৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত এক বিবৃতিত অখিলেশ যাদৱে দেশৰ এইয়া এক নতুন আৰু আশাপ্ৰদ আৰম্ভণি হিচাপে স্বীকৃতি দিছে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি যাদৱে কয় যে আজিৰ দিনটোতে অৰ্থাৎ ৯ আগষ্টত ইংৰাজৰ ভাৰত ত্যাগৰ শ্ল’গান দিয়া হৈছিল। আৰু আজি এই দিনটোতে বিহাৰৰ পৰা ‘বিজেপি ভগাও’ৰ শ্ল’গান আহিছে।

“মই ভাবো দেশৰ ৰাজনৈতিক দল আৰু বিভিন্ন ৰাজ্যৰ জনসাধাৰণে বিজেপিৰ বিৰুদ্ধে থিয় দিব।”- যাদৱে কয়।

বিজেপিক সমালোচনা কৰি অখিলেশ যাদৱে নীতিশ কুমাৰে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি এটা উচিত পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে।

দেশৰ আন ৰাজ্যসমূহতো এনে কাৰ্যসূচী আৰম্ভ হোৱা উচিত বুলি তেওঁ লগতে কয়। যাদৱে কয় যে বিজেপিয়ে বিহাৰত জেডিইউক বিশ্বাসঘাতকতা কৰিছিল। গতিকে বিজেপিৰ সংগ ত্যাগ কৰি জেডিইউ- এ এক নতুন দিশ মুকলি কৰিছে বুলি যাদৱে মত পোষণ কৰে।