NORTHEAST NOW (Assamese)
অসম

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Posted by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ August 9, 2022 8:57 pm
Assam

কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰিত আজি আৰক্ষীয়ে এক অভিযানত লাভ কৰিছে বিশেষ সফলতা। কোকৰাঝাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই অসম অভিমুখে আহি থকা দুখন বাছৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ নাগালেণ্ডৰ লটাৰী টিকট।

অভিযানকাৰী দলটোৱে দুয়োখন যাত্ৰীবাহী বাছ জব্দ কৰাৰ লগতে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

AS01JC 1541 আৰু AS12E 6275 নম্বৰৰ বাছ দুখন পশ্চিম বংগৰ পৰা কোকৰাঝাৰ আৰু বৰপেটা অভিমুখে আহি আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে উল্লেখ কৰা মতে এই বৃহৎ সংখ্যক টিকটৰ বান্দীলৰ ওপৰত আৰক্ষীৰ চকুত ধূলি দিয়াৰ উদ্দেশ্যে মেডিকেল বুলি লিখি অনা হৈছিল।

আৰক্ষীয়ে এই কাৰ্যত জড়িত থকা চাৰিজন লোকক লগে লগে গ্ৰেপ্তাৰ কৰে। ধৃত ব্যক্তি কেইগৰাকীক গোসাঁইগাঁৱৰ মদন কুণ্ডু, বংগৰ আলিপুৰ দুৱাৰৰ বিষ্ণু বাছফৰ, বিজনীৰ ৰতন সৰকাৰ আৰু গৌৰীপুৰৰ ৰতন ৰায় বুলি চিনাক্ত কৰা হৈছে।

আজিৰ অভিযানত এই অবৈধ কাণ্ড ফাদিল হোৱাৰ পিছত দীৰ্ঘদিন ধৰি পশ্চিম বংগৰ পৰা অসমত এনেদৰে বাছযোগে লাখ লাখ টকাৰ টিকট সৰবৰাহ কৰি থকা হৈছিল বুলি সন্দেহ কৰা হৈছে।