NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ জিলাৰ জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত মৃত্যু এজন লোকৰ

Posted by: ৰাজীৱ দত্ত August 19, 2018 9:52 pm
Road-Accident

আজি ৰাতিপুৱা শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত নীলকণ্ঠ ধাবাৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত জাঁজীৰ ফুলপানীছিগা খাটোৱাল গাঁৱৰ অকনমান দত্ত (৬৮) নামৰ এজন লোকৰ মৃত্যু হয়।

জানিব পৰা মতে জাঁজীৰ সাপ্তাহিক বজাৰৰ পৰা ঘৰলৈ বুলি চাইকেলেৰে আহি থকা অকনমান দত্তক হঠাতে ডিব্ৰুগড় দিশৰ পৰা অহা এএছ-০৪-বিচি-০৬৫১ নম্বৰৰ ‘শ্ৰী মা’ নামৰ আল্ট্ৰা বাছ এখনে পাছফালৰ পৰা খুন্দিওৱাত ৰাষ্ট্ৰীয় ঘাইপথতে বাগৰি পৰে।

গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈ ৰাষ্ট্ৰীয় ঘাইপথত পৰি থকা দত্তৰ খবৰ লাভ কৰাত গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দাদু বৰা ঘটনাস্থলীত উপস্থিত হৈ নিজৰ বাহনেৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায়।

কিন্তু চিকিৎসালয়ত ভৰ্তী কৰোৱাৰ কিছু সময়ৰ পাছতে দুৰ্ঘটনাত পতিত হোৱা দত্তই চিকিৎসালয়ত মৃত্যুবৰণ কৰে। মৃত্যুৰ পাছতে দত্তৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰা হয় আৰু তাৰ পাছতে মৃতদেহটো পৰিয়ালৰ লোকক গতাই দিয়ে।

উল্লেখ্য যে স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি দুৰ্ঘটনাটোত মৃত্যুক আকোৱালি লোৱা অকনমান দত্ত এগৰাকী ভাল খেতিয়ক আছিল। খেতি কৰিয়ে নিজৰ পত্নী আৰু এজন পুত্ৰ সন্তানক পোহপাল দি থকা দত্তৰ আকষ্মিক মৃত্যুত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।