NORTHEAST NOW (Assamese)

বিহাৰীয়ে লুটিছে অসমৰ শিক্ষাৰ্থীৰ ছাত্ৰ বৃত্তিৰ ধন

November 6, 2020 2:22 pm · এন ই নাও নিউজ

ছাত্ৰ বৃত্তিৰ নামত এক ব্যাপক কেলেংকাৰিত ঝাৰখণ্ডৰ ৰাঁচীৰ পৰা বিহাৰ ছাহৰছাকে ধৰি অসমৰ নাজিৰাৰ নামো সাঙোৰ খাই পৰিছে।

দৰিদ্ৰ সংখ্যালঘু শিক্ষাৰ্থীৰ বাবে প্ৰাক্-মেট্ৰিক স্কলাৰশ্বিপৰ বাবে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ (এন এছ পি) তথ্যত দেখা গৈছে যে নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ক বিহাৰৰ ছয়খন জিলাৰ অন্তৰ্গত তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

বাস্তৱতে ই এখনহে বিদ্যালয় আৰু বিদ্যালয়খন অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদনত এই ব্যাপক কেলেংকাৰিৰ তথ্য পোহৰলৈ আহিছে।

অনুসন্ধানত পোৱা গৈছে যে এই বিদ্যালয়ৰ অধীনৰ কমেও ৩৯ গৰাকী শিক্ষাৰ্থীৰ নাম বিহাৰৰ তালিকাসমূহত অন্তৰ্ভুক্ত হৈছে।

বিদ্যালয়খনৰ অধ্যক্ষই এই সকলোবোৰ ভুৱা বুলি সংবাদ প্ৰতিষ্ঠানটোক জানিবলৈ দিছে।

অনুসন্ধানত পোৱা তথ্য অনুসৰি বিহাৰৰ মধ্যস্থতাকাৰীয়ে স্কলাৰশ্বিপৰ কেইবাটাও ঘটনা অবৈধভাৱে ডাইভাৰ্ট কৰিছিল।

প্ৰতিবেদন অনুসৰি, মধ্যস্থতাকাৰীয়ে বেংকিং যোগাযোগকাৰী আৰু বিদ্যালয়ৰ ষ্টাফৰ সহায়ত এনএছপিৰ এছেছ ল’বলৈ আৰু নিৰীহ শিক্ষাৰ্থীসকলৰ  আই ডি আৰু পাছৱৰ্ড চুৰ কৰি ভুৱা হিতাধিকাৰী সৃষ্টি কৰি বৃত্তিৰ ধন আত্মস্যাৎ কৰে।

নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ৰ ২০১৯-২০ৰ তথ্যত ইয়াৰ হিতাধিকাৰী ডাৰভাংগা(১৪), মুজাফৰপুৰ(১৩),মধুবনী(৭),পুৰ্ণিয়া(২), ভগলপুৰ(২) আৰু পূব চম্পাৰনত(১) দেখুৱা হৈছে।

ইপিনে, বিদ্যালয়খনৰ অধ্যক্ষ অখিলেশ্বৰ ঝাই জানিবলৈ দিয়ে যে তালিকাখন পৰীক্ষা কৰি চাই ইয়াৰ ৰেকৰ্ডত তেনে কোনো শিক্ষাৰ্থীৰ তথ্য পোৱা হোৱা নাই। তেওঁ এইক্ষেত্ৰত উচ্চ পৰ্যায়ত বিষয়টো তুলি ধৰিব বুলিও জনায়।

অধ্যক্ষগৰাকীয়ে লগতে যোৱাবছৰ তেওঁলোকে কোনো বৃত্তিৰ প্ৰ-পত্ৰ পৰীক্ষা কৰি পঠোৱা নাই বুলিও জানিবলৈ দিয়ে।

ঝাই জানিবলৈ দিয়ে যে এইবছৰো ভেৰিফিকেশ্যন প্ৰক্ৰিয়াতো অসমত জিলা কল্যাণ বিষয়াৰ পৰা এখন মেইল লাভ কৰিছে।

‘’বহু আবেদনকাৰীয়ে ২০২০-২১বৰ্ষৰ বাবে আমাৰ শিক্ষাৰ্থী হিচাপে পঞ্জীয়ন কৰিছিল। আমি পৰীক্ষা কৰি চাই দেখিছো যে তেওঁলোক আমাৰ ছাত্ৰ নহয় যদিও আমাৰ বিদ্যালয়ৰ নামত দেখুওৱা হৈছে আৰু যোগাযোগ ব্যক্তিৰ তালিকাত আমাৰ কম্পিউটাৰ শিক্ষকৰ নাম দিয়া আছে। এয়া তদন্ত কৰাৰ প্ৰয়োজন আছে,’’-তেওঁ কয়।

বিদ্যালয়ৰ স্কলাৰশ্বিপৰ তথ্যত দেখুৱাইছে যে অষ্টম শ্ৰেণীৰ এগৰাকী শিক্ষাৰ্থী তথা মুজাফৰপুৰৰ বাসিন্দা হাছিনা বেগমে ১০,৭০০টকা লাভ কৰিছে।

বিহাৰ সমাজ কল্যাণ বিভাগৰ তথ্য অনুসৰি হাছিনা বেগমৰ ঠিকনা হৈছে ‘কুৰহানি, মুজাফৰপুৰ’ আৰু পিন নম্বৰ হৈছে ৮৩৪৫৫১। দৰাচলতে এইধৰণৰ পিনকোড নাই। কুৰহানিৰ পিনকোড হৈছে ৮৪৪১২০।

মুজাফৰপুৰত নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ৰ ১৩ গৰাকী শিক্ষাৰ্থীৰ নাম ২০১৯-২০বৰ্ষৰ বাবে তালিকাত উল্লেখ আছে।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক-মেট্ৰিক স্কলাৰশ্বিপ বছৰি ১লাখ টকাৰ কম আয়ৰ পৰিয়ালৰ শ্ৰেণী পৰীক্ষাত কমেও ৫০শতাংশ নম্বৰ পোৱা সংখ্যালঘু শিক্ষাৰ্থীক দিয়া হয়।

Related News