NORTHEAST NOW (Assamese)

টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমীত উলাহ মালহেৰে “বহাগ বিহুৰ উলাহ ” উদযাপন

April 18, 2021 6:25 am · নিৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ টীয়কৰ অন্যতম অগ্ৰণী শিক্ষা অনুস্থান টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমীত” বহাগ বিহুৰ উলাহ” নামৰ এক মনোজ্ঞ অনুষ্ঠানৰ যোগেদি অসমীয়াৰ বাপোতি সাহোন বহাগ বিহু আজি উদযাপন কৰা হয়।

কাৰ্যসচীৰ বিহুৱান উত্তোলন কৰে মুখ্য সঞ্চালক প্ৰদীপ চুতীয়া দেৱে, বন্তি প্ৰজ্বলন কৰে  অধ্যক্ষ ঋষেশ্বৰ শৰ্মা দেৱে আৰু প্ৰদীপ প্ৰজ্বলন কৰে সচিব সৌৰভ বৰা দেৱে।

দুয়োটা শিক্ষানুষ্ঠানৰ উপাধ্যক্ষ ক্ৰমে মনোজ বৰা আৰু সুনীল দাস  উপস্থিত থকা এই অনুষ্ঠানতে টীয়ক  হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক হৰেশ্বৰ বৰুৱা আৰু স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তি মানিক বৰা দেৱক সম্বৰ্ধনা জনোৱা হয়।

ইয়াৰ উপৰিও অভিভাৱক সঞ্জীৱ কুমাৰ বৰুৱা, চিৰান্ত মাধৱ বুঢ়া গোহাঁই , প্ৰশান্ত দাস আৰু অভিভাৱিকা জ্যোতি ভূঞাক ফুলাম গামোচাৰে  বিহুৰ  ওলগ জনাই আশীৰ্বাদ লোৱাৰ লগতে বিশেষ কৈ সচিব সৌৰভ বৰাই কাৰ্যালয় সহায়ক গগণ ৰবি দাসক এখন ফুলাম গামোছাৰে বিশেষ সম্বৰ্ধনা আগবঢ়ায় l

ইয়াৰ পাছতে দুয়োটা অনুষ্ঠানৰ  ছাত্ৰ- ছাত্ৰী সকলে বিহু প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আহ্লাদিত কৰে l

অসমীয়া নতুন বৰ্ষৰ বাবে সকলোৱে সকলো দিশতে আগবাঢ়িবৰ বাবে সাহস গোটাই সাজু হবলৈ আশীৰ্বাদ প্ৰদান কৰি টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমীৰ বাকৰিত বহাগ বিহুৰ উলাহ অনুষ্ঠান সামৰণি মাৰে।

Related News