NORTHEAST NOW (Assamese)

মাজনিশালৈ সাংস্কৃতিক সন্ধিয়া পাতি কৰ’না বিধি ভংগ বিহু কমিটিৰ; নিৰ্বিকাৰ আৰক্ষী প্ৰশাসন

April 25, 2021 12:12 pm · নীলমনি শর্মা
ফটো: নৰ্থইষ্ট নাও।

সমগ্ৰ বিশ্বজুৰি মানৱ জীৱন বিধ্বস্ত কৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’না মহামাৰীক আওকান কৰি গোৱালপাৰা জিলাত বৃহত্তৰ আগিয়া অঞ্চলত কৰ’না বিধি উলংঘা কৰিলে একাংশ বিহু কমিটিয়ে।

এইদৰে বিহু উৎসৱৰ নামত দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক সন্ধিয়া পাতি জন জীৱনলৈ কৰ’নাৰ বিভীষিকা নমাই আনিছে।

যোৱা নিশা চাপ্লেংদামাল নামৰ গাওঁখনত অতি জাক জমকেৰে বিহু অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

অনুষ্ঠানত প্ৰায় হাজাৰোধিক শ্ৰোতা দৰ্শক ৰাইজে কোভিড বিধি নমনাকৈয়ে অনুষ্ঠান উপভোগ কৰিলে।

টিলাপাৰা গাওঁখনত বিহু অনুষ্ঠান বন্ধ নকৰিলে। ৰাতিপুৱাৰ পৰা নিশালৈ চলিল বিহু অনুষ্ঠান। শিল্পী দলৰ অংশগ্ৰহণ আছিল অতি লক্ষ্যণীয়।

এইদৰে দ্ৰুত গতিত কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চহৰে নগৰে বিহু অনুষ্ঠান বাতিল কৰা সময়ত গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত কেবা ঠাইতো অতি জনসমাগমেৰে বিহু অনুষ্ঠান অনুষ্ঠিত কৰি অহা পৰিলক্ষিত হ’ল।

ইপিনে, জিলা আৰক্ষী প্ৰশাসনে এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিবৰ্তে নিৰ্বিকাৰ ভুমিকা লোৱাত আন আন বিহু কমিটিয়ে বিহু অনুষ্ঠান চলাই নিয়াৰ উদ্দেশ্যে দান বৰঙণি সংগ্ৰহ কৰি আহিছে।

প্ৰাপ্ত খবৰ অনুসৰি আগিয়া থানাৰ অন্তৰ্গত যিকেইটা অঞ্চলত বিহু অনুষ্ঠান পাতিব লগা আছে সেইকেইখন বিহু কমিটিয়ে বিহু অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই।

১৫ ব’হাগত অনুষ্ঠিত হ’ব লগা বৰদামাল বিহু অনুষ্ঠান বাতিল নহয়। সেইদৰে জিলাখনৰ লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মঘোত অহা ২৩ ব’হাগত অনুষ্ঠিত হ’ব লগা বিহু অনুষ্ঠান বাতিল নহয় বুলি জানিব পৰা গৈছে।

সন্ধিয়া ৬.০০ বজাৰ পৰা দোকান-পোহাৰ বন্ধ হোৱা আৰম্ভ হৈছে যদিও একাংশ বিহু কমিটিয়ে বিহুৰ বাবে চান্দা সংগ্ৰহ কৰাত সচেতন মহলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সেয়ে জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সচেতন ৰাইজে জিলা আৰক্ষী প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে।

Related News