NORTHEAST NOW (Assamese)

আৰক্ষীৰ জালত বাইক চোৰৰ দল : AIUDF ৰ নেতা সহ গ্ৰেপ্তাৰ ৮ টাকৈ চোৰ

June 8, 2023 10:48 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 8, 2023 10:59 am

চুৰি মটৰ চাইকেলৰ কলা বজাৰখন বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰাৰ লগতে মটৰ চাইকেলৰ চুৰিৰ বিৰুদ্ধে যুঁজিবলৈ মঙলবাৰে নিশা সমগ্ৰ শিলচৰ আৰু বাস্কাণ্ডি অঞ্চলত কাছাৰ আৰক্ষীয়ে এক বিশেষ অভিযান চলায়।

এই অভিযানৰ সময়ত বিভিন্ন স্থানৰ পৰা মুঠ ২০ খন দুচকীয়া বাহন (৯ স্কুটি, ১১খন মটৰ চাইকেল) উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে বাইক চুৰিৰ লগত জড়িত অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ এজন নেতাকে ধৰি ৮ জন অপৰাধীক গ্ৰেপ্তাৰ কৰে।

ধৃত চোৰকেইটাৰ ভিতৰত আছে ছাকিল লস্কৰ (২০), দিলৱাৰ হুছেইন লস্কৰ (২০), আফজল হুছেইন লস্কৰ (১৮), আব্দুল হুছেইন লস্কৰ (১৯), এ আই ইউ ডি এফৰ নেতা নন্দ সিং (৬০), ৰঞ্জিত ৰবিদাস (২৫), ইউছুব আলী ( ২০) আৰু ৰুবেলুদ্দিন লস্কৰ (২৮)।

আৰক্ষীৰ জেৰাৰ অন্তত দোষীসকলে প্ৰকাশ কৰে যে তেওঁলোকৰ মণিপুৰ আৰু নাগালেণ্ডলৈ চুৰিকৰা বাইক সমূহ সৰবৰাহ কৰে। ইয়াৰ লগতে ইঞ্জিন নম্বৰ আৰু চেছিছ নম্বৰকে ধৰি পঞ্জীয়ন নম্বৰ সলনি কৰাৰ কামতো তেওঁলোক জড়িত।

অভিযুক্ত সকলৰ পৰা আৰক্ষীয়ে ডুপ্লিকেট চাবি, সঁজুলি, মেচিন আৰু অতিৰিক্ত নম্বৰ প্লেট উদ্ধাৰ কৰিছে।।

আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকৰ পৰা তথ্যৰ ভিত্তিত আৰু অধিক চুৰি মটৰ চাইকেল উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে।

উল্লেখযোগ্য যে ধৃত নন্দ সিঙে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলক প্ৰতিনিধিত্ব কৰি উধৰবন্দ সমষ্টিৰ পৰা ২০২১ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

Related News