NORTHEAST NOW (Assamese)
অসম

পানীত পৰিল কোটি কোটি টকা! কাৰ ঠিকা দিছিল ছয়মাইল উৰণীয়া সেঁতুৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 22, 2025 12:41 pm
পানীত পৰিল কোটি কোটি টকা! কাৰ ঠিকা দিছিল ছয়মাইল উৰণীয়া সেঁতুৰ?

ভাঙি পেলোৱা হ’ব গুৱাহাটীৰ ছয়মাইল থকা উৰণসেঁতুখন। লোক নির্মাণ বিভাগে ইতিমধ্যে এই সেতুখন ভাঙি পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে উক্ত সেতুখন নিৰ্মাণ কৰা হৈছিল মাত্ৰ ১৫ বছৰ আগত।

মাত্র ১৫ বছৰতে যাতায়াতৰ বাবে বিপজ্জনক হৈ পৰা ফ্লাইঅভাৰখনৰ বৰ্তমান মেৰামতি কাম অব্যাহত আছে যদিও যিকোনো মুহূর্ততে বিপদ ঘটাৰ আশংকা ব্যক্ত কৰি লোক নিৰ্মাণ বিভাগৰ অভিযন্তাই উৰণ সেতুখনৰ মেৰামতি সম্ভৱ নহয় বুলিও স্পষ্ট কৰি দিছে। অভিযন্তাৰ এই প্রতিবেদন লাভ কৰাৰ পাছতেই লোক নির্মাণ বিভাগে এতিয়া উৰণ সেতুখন ভাঙি নতুনকৈ নিৰ্মাণৰ পৰিকল্পনা কৰা বুলি বিভাগৰ এটা সূত্রই জানিবলৈ দিছে। উল্লেখ্য, ছয়মাইল উৰণ সেতুখনৰ বিগত ২০২১ চনৰ পৰা মেৰামতি অব্যাহত আছে। উৰণ সেতুখনৰ কেইবাটাও খুঁটা তললৈ বহি যোৱাত যান-বাহনৰ বোজা বহন কৰিব নোৱৰা হৈ পৰে।

জানিব পৰা মতে, ধুবুৰীৰ বিজেপি বিধায়কৰ ভাতৃ বিনোদ সিংহীৰ মালিকানাধীন গৌতম কনস্ট্রাকচনে লাভ কৰিছিল এই উৰণ সেতু মেৰামতি কৰাৰ কাম। ইতিমধ্যে ১০ কোটিতকৈও অধিক ধন লাভ কৰিছে মেৰামতিৰ বাবে। কিন্তু ইমান বছৰে মেৰামতি কৰিও সেঁতুখন সুচল কৰিব নোৱাৰিলেন কোম্পানীটোৱে।

ইফালে শেহতীয়াকৈ উৰণ সেতু খনৰ এটা ফালে যাতায়ত বন্ধ কৰি দিছে চৰকাৰে।