NORTHEAST NOW (Assamese)
অসম

অসম কন্যাৰ সফলতাঃ Britain’s Got Talentৰ ফাইনেলত প্ৰৱেশ কৰিছে কণমানি নৃত্যশিল্পী বিনিতা চেত্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 25, 2025 8:07 pm

অসমৰ গৌৰৱ কাৰ্বি আংলঙৰ ১০ বছৰীয়া বিনিতা চেত্ৰীয়ে ব্ৰিটেইনৰ গট টেলেণ্ট (Britain’s Got Talent) ৰ ফাইনেলত স্থান লাভ কৰিছে। আনন্দ  উল্লাসেৰে পৰিপূৰ্ণ মঞ্চত বিনিতাৰ প্ৰদৰ্শনে বিচাৰক আৰু দৰ্শক উভয়কে আপ্লুত কৰিবলৈ সক্ষম হয়। তেওঁ দিয়া উজ্জ্বল প্ৰদৰ্শনেৰে জয় কৰিছে বিশ্ববাসীৰ হৃদয়।

শ্ব’টোৰ অফিচিয়েল হেণ্ডেলে প্ৰকাশ কৰা ভিডিঅ’ত বিনিতাই কয় এই পৰ্যায়ত উপনিত হৈ তেওঁ অত্যন্ত সুখী। সকলোৰে সহায় সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে নৃত্য শিল্পীগৰাকীয়ে।

বিশ্বমঞ্চত তেওঁৰ এই সাফল্যৰ খবৰে সম্প্ৰতি অসম তথা সমগ্ৰ ভাৰতকে গৌৰাম্বিত কৰিছে। বিনিতা চেত্ৰীৰ মূল ঘৰ হৈছে অসমৰ বোকাজানৰ অমৰাজান, আৰু বৰ্তমানত তেওঁ ৰাজস্থানৰ জয়পুৰস্থিত মাই অ’ন স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী।

সৰুৰে পৰাই ইউটিউব ভিডিঅ’ৰ পৰা অনুপ্ৰাণিত হৈ নৃত্য শিকাৰ প্রতি তাইৰ গভীৰ উৎসাহ আছিল বুলি জনাইছে। আনুষ্ঠানিক প্ৰশিক্ষণৰ আগতেই নিজৰ সৃষ্টিশীলতা আৰু প্ৰতিভা বিকাশ কৰিছে নৃত্য শিল্পীগৰাকীয়ে। বিনিতাৰ বাবে Britain’s Got Talent সপোনৰ মঞ্চ। এই বিশ্বমানৰ মঞ্চত স্বপ্ৰতিভাৰে জিলিকি উঠিছে কণমানি নৃত্য শিল্পীগৰাকী।