NORTHEAST NOW (Assamese)
অসম

জৈৱিক সাৰৰ ব্যৱহাৰ বৃদ্ধিৰ পোষকতাঃ ১৯২ গৰাকী খেতিয়কক জৈৱিক সাৰ বিতৰণ

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ September 17, 2022 4:12 pm

কৃষকৰ মাজত জৈৱিক সাৰৰ প্ৰচলন বৃদ্ধি কৰাৰ বাবে এতিয়া নামনি অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰা মহকুমা এলেকাৰ ফুটকিবাৰীত নানান প্ৰচেষ্টা হাতত লোৱা হৈছে।

সেইমৰ্মে শশাৰগাওঁ স্থিত সাংস্কৃতিক বিকাশ কেন্দ্ৰত মুঠ ১৯২ গৰাকী খেতিয়ক হিতাধিকাৰিক বাছনি কৰি জৈৱিক সাৰ বিতৰণ কৰা হয়। অনুষ্ঠানত বিলাসীপাৰা মহকুমা অ বি চি উন্নয়ন বোৰ্ডৰ অধ্যক্ষ জয়ন্ত নাথৰ লগতে বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে।

জানিব পৰা মতে এই অঞ্চলৰ শশাগাওঁ , ফুটকিবাৰী, লুটাপাৰা, উদমাৰী, খুদিগাওঁ, গোপীগাওঁ, , লক্ষ্মীগঞ্জ, আদি গাওঁৰ খেতিয়কে জৈৱিক সাৰ ব্যৱহাৰত অধিক গুৰুত্ব দিছে। হিতাধিকাৰী খেতিয়কৰ মাজত জৈৱিক সাৰ বিতৰণ কৰা এই অনুষ্ঠানত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য (ই এম) জীবেশ ৰায়ে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি খেতিয়ক সমাজে কঠোৰ পৰিশ্ৰম কৰি দেশৰ কৃষি অৰ্থনৈতিক ক্ষেত্ৰত আগবঢ়াই থকা বুলি উল্লেখ কৰে।

অনুষ্ঠানত মীৰা ৰায়, ৰদালী ৰায় চৌধুৰী, বিলাসীপাৰা মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ৰ পৰিদৰ্শক , বিশিষ্ট সমাজকৰ্মী অজিত নাথকে ধৰি বহু সংখ্যক খেতিয়ক উপস্থিত আছিল।