NORTHEAST NOW (Assamese)

পুনৰ বাংলাদেশৰ প্ৰধান মন্ত্ৰী হোৱাৰ দিশে শ্বেখ হাছিনা; ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব দেবৰ শুভেচ্ছা

December 31, 2018 8:31 pm · এন ই নাও নিউজ
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ ফাইল ফটো

বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত আৱামী লীগ দলে বৃহৎ জয় সাব্যস্ত কৰাৰ পাছতে পুনৰ প্ৰধান মন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হোৱা শ্বেখ হাছিনাক টেলিফোন যোগে শুভেচ্ছা জনাইছে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে। আজি সাংবাদিকৰ লগত হোৱা কথা বাৰ্তাত ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিয়ে।

মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বত বাংলাদেশৰ উন্নয়ন সম্ভৱ হৈছে আৰু ভৱিষ্যতেও তেওঁৰ নেতৃত্বত দেশখনে দ্ৰুতগতিত উন্নয়ন লাভ কৰিব।

মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে শ্বেখ হাছিনা মোৰ মাতৃৰ দৰে। টেলিফোনত কথা হওঁতে তেওঁ মোক পুনৰ বাংলাদেশলৈ আমন্ত্ৰন জনাইছে। তেওঁ উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ লগত বিশেষকৈ ত্ৰিপুৰাৰ সৈতে সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াই যাব বুলিও আশ্বাস তথা প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীগৰাকীৰ উপৰি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাক টেলিফোনযোগে শুভেচ্ছা প্ৰদান কৰা বুলি বিপ্লব দেবে সংবাদ মাধ্যমক জনায়।

উল্লেখ্য যে মুঠ ৩০০ খন আসনৰ ২৯৯ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল বাংলাদেশৰ সাধাৰণ নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত এগৰাকী প্ৰাৰ্থীৰ মৃত্যু হোৱা বাবে এটা সমষ্টিত স্থগিত ৰখা হৈছিল নিৰ্বাচন।

Related News