NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১২ সংখ্যক জন্ম জয়ন্তী উদযাপন

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও February 17, 2022 6:52 am

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাতো বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১২ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয় ৷

বঙাইগাঁৱত বঙাইগাঁও জিলা কোচ ৰাজবংশী যুৱ- ছাত্ৰ সন্মিলনীৰ উদ্যোগত স্থানীয় বঙাইগাঁও গান্ধী ময়দানত উদযাপন কৰা চিলাৰায় দিৱস উপলক্ষে পুৱা বঙাইগাঁও জিলা কোচ ৰাজবংশী যুৱ- ছাত্ৰ সন্মিলনৰ সভাপতি হিতেশ সিংহই জিলা সমিতিৰ পতাকা, কেন্দ্ৰীয় সমিতিৰ সভাপতি কিশোৰজ্যোতি ৰায়ে বিশ্বমহাবীৰ চিলাৰায়ৰ বিজয় পতাকা, অভ্যৰ্থনা সমিতিৰ সভাপতি সুৰেশ ৰায়ে অভ্যৰ্থনা সমিতিৰ পতাকা আৰু সদৌ কোচ ৰাজবংশী মহিলা সন্মিলনীৰ যুটীয়া সম্পাদিকা পূৰ্ণিমা চৌধুৰীয়ে মহিলা সন্মিলনীৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷

ইয়াৰ পিচতে শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে সংগঠনটোৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত সিংহই আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে সংগঠনটোৰ উপদেষ্টা নন্দলাল বৰ্মনে ৷ কাৰ্যসূচীৰ লগত সংগতি ৰাখি কোচ ৰাজবংশী জনগোষ্ঠীয় কলা কৃষ্টিও প্ৰদৰ্শন কৰা হয় আৰু মুকলি কৰে অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে ৷

সন্ধিয়া ৫১২ গছি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি পৰে ৷ বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ জিলা সমিতিৰ উপ সভাপতি দেবেন দাসে শুভাৰম্ভ কৰে ৷ উল্লেখ্য যে সংগঠনটোৰ জিলা সমিতিৰ ১৬ সংখ্যক দ্বি- বাৰ্ষিক অধিৱেশনখনো একেলগে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিশেষ অসুবিধাৰ বাবে অনুষ্ঠিত নহ’ল ৷

অধিৱেশনখন অহা ৩ মাৰ্চত অনুষ্ঠিত হ’ব আনহাতে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ (কেএচি) উদ্যোগত উত্তৰ শালমাৰাস্থিত কেএচি ৰ সচিবালয়তো চিলাৰায় দিৱস উদযাপিত হয় ৷

একেদৰে বঙাইগাঁও জিলাৰ ৰাখালডুবি আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থাই ৰাখালডুবিস্থিত বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ সন্মুখত, অভয়াপুৰীবাসী ৰাইজৰ সহযোগত অভয়াপুৰী মহাবিদ্যালয়ৰ সন্মূখৰ বিশ্ববীৰ জনাৰ প্ৰতিমূৰ্তিৰ সন্মূখত, উত্তৰ শালমাৰা আঞ্চলিক আক্ৰাছুই উত্তৰ শালমাৰা ত’কত, কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে বৰপাৰা ৰাজহুৱা খেল পথাৰত, বঙাইগাঁও জিলা আক্ৰাছুৱে ভাকাৰিভিটাত চিলাৰায় দিৱস উদযাপন কৰি মহাবীৰ জনাক স্মৰণ কৰে ৷

ইয়াৰ উপৰি আন ঠাইতো চিলাৰায়ক স্মৰণ কৰা হয় ৷