NORTHEAST NOW (Assamese)

টীয়কত বীৰ লাচিত সেনাৰ ৰক্তদান শিৱিৰ

October 2, 2020 5:03 pm · নিৰ্মলেন্দু পাঠক

বীৰ লাচিত সেনা অসমৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা আৰু যোৰহাট জিলাৰ ৰেডক্ৰ ছচাইটিৰ সহযোগত আজি মহামানৱ মহাত্মা গান্ধীৰ জন্মদিনৰ পবিত্ৰ ক্ষণত টীয়কৰ মা বিবাহ ভৱনত এটি ৰক্তদান শিৱিৰ আয়োজন কৰা হয়।

কৰোণা মহামাৰীৰ সময়তে বিশেষকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ৰক্ত ভাণ্ডাৰত ৰক্তৰ নাটনি হোৱাৰ বাবে ৰোগীসকলৰ যি হাহাকাৰ অভাৱৰ সৃষ্টি হৈছে তাক কিছু পৰিমাণে লেও সকাহ দিয়াৰ উদ্দেশ্য এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰিছে উদ্যোক্তাসকলে।

উক্ত সমগ্ৰ কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি উমেশ বৰা, যোৰহাট ব্লাড বেংকৰ ভাৰপ্ৰাপ্ত বিষয়া শ্বমিম ৰহমান, যোৰহাট বাৰ এচচিয়েছনৰ সম্পাদক দ্বীপ ৰঞ্জন চুতীয়া,কৰ্মচাৰী পৰিষদৰ টীয়ক আঞ্চলিকৰ সভাপতি দিলীপ বৰা, যোৰহাট জিলা ৰেডক্ৰছ ছচাইটিৰ সম্পাদক দীপক চক্ৰৱৰ্তী, বীৰ লাচিত সেনা যোৰহাট জিলা সংগঠনিক সম্পাদক সিদ্ধাৰ্থ বৰুৱা উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

প্ৰায় শতাধিক পুৰুষমহিলাই স্ব-ইচ্ছাই ৰক্তদান কৰি কাৰ্যসূচীৰ সফল সমাপ্তি ঘটায়।

Related News