NORTHEAST NOW (Assamese)
অসম

বীৰ লাচিত সেনাৰ প্ৰতিবাদত বাধা আৰক্ষীৰ, শৃংখল চলিহাক আটক

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ January 3, 2022 5:35 pm
Srinkhal Chaliha

শিৱসাগৰ চহৰৰ কে পি এম চাৰিআলিৰ পৰা আজি আৰক্ষীয়ে আটক কৰে শৃংখল চলিহাসহ বীৰ লাচিত সেনাৰ কেইবাজনো নেতাক।

APSC পৰীক্ষাৰ পৰা অসমীয়া ভাষা বাদ দিয়াৰ প্ৰতিবাদত আজি শিৱসাগৰত বীৰ লাচিত সেনাই সংকল্প শিখা জোঁৰ সমদলৰ এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল।

উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ বিষয়ে আৰক্ষীয়ে আগতীয়াকৈ জানিব পাৰি উক্ত প্ৰতিবাদী কাৰ্যসূচীত বাধা প্ৰদান কৰাৰ লগতে কে পি চাৰিআলিত নিচিদ্ৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলে।

পিছত শিৱসাগৰ আৰক্ষীয়ে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাকে ধৰি বহু কেইজন কৰ্মীক আটক কৰি শিৱসাগৰ সদৰ আৰক্ষী থানালৈ লৈ যায়।