NORTHEAST NOW (Assamese)

ছলমানক আমন্ত্ৰণ কৰাৰ বাবেই কপিলৰ কেফেত গুলীচালনা? ভাইৰেল বিষ্ণোই গেঙৰ অডিঅ’

August 9, 2025 11:49 am · এন ই নাও নিউজ, গুৱাহাটী

লক্ষ্য কমেডী কিং তথা অভিনেতা কপিল শৰ্মাৰ কানাডাৰ কেফে। ৯ জুলাই আৰু ৭ আগষ্টত তাত গুলীচালনা কৰা হৈছিল। আগষ্টৰ এই আক্ৰমণৰ দায়িত্ব লৈছে লৰেন্স বিষ্ণোই-গল্ডি ব্ৰাৰ গেঙে।

কিন্তু সমগ্ৰ দেশকে হাঁহিৰে উপচাই দিয়া কপিলৰ লগত কাৰ ইমান শত্ৰুতা? বাৰে বাৰে তেওঁক কিয় টাৰ্গেট কৰা হৈছে? নেপথ্যত আছে ছলমান খানৰ সংযোগ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে লৰেন্স বিষ্ণোই গেঙৰ এজন সদস্যৰ এটা অডিঅ’ ক্লিপ (যাৰ সত্যতা নৰ্থইষ্ট নাওৰ দ্বাৰা পৰীক্ষা কৰা হোৱা নাই)। জানিব পৰা মতে সেই অডিঅ’ত থকা কণ্ঠটো বিষ্ণোই গেংৰ সদস্য হেৰী বক্সাৰৰ।

অডিঅ’টোত কোৱা হৈছে, ‘ছলমান খানৰ সৈতে কাম কৰা যিকোনো পৰিচালক, প্ৰযোজক বা শিল্পীকে গুলী কৰা হ’ব। কপিল শৰ্মাৰ কেফেত দুবাৰকৈ আক্ৰমণ কৰা হৈছে। কাৰণ তেওঁ ছলমান খানক তেওঁৰ নেটফ্লিক্স শ্ব’ৰ মুকলি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিল।’

ছলমান আৰু কপিল শৰ্মাৰ বন্ধুত্ব নতুন নহয়। আগতে এইগৰাকী বলীউডৰ তাৰকা কপিলৰ জনপ্ৰিয় কমেডী শ্ব’ৰ অন্যতম প্ৰযোজকো আছিল। নেটফ্লিক্সৰ ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ৰ প্ৰথম খণ্ডত দেখা গৈছিল ছলমানক।

প্ৰসংগক্ৰমে যোৱা বছৰ ছলমান খানৰ বন্ধু তথা মহাৰাষ্ট্ৰ এন চি পিৰ নেতা বাবা ছিদ্দিকীক গুলীয়াই হত্যা কৰা হৈছিল। সেই ঘটনাৰ দায়িত্ব লৈছিল বিষ্ণুোই গেঙে। এইবাৰ তেওঁলোকে টাৰ্গেট কৰিছে দাবাং খানৰ প্ৰিয় হিচাপে পৰিচিত কপিল শৰ্মাক। অৱশ্যে এই সন্দৰ্ভত এতিয়াও কপিলে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

উল্লেখ্য যে ছলমানে যোধপুৰত কৃষ্ণসাৰ হৰিণ চিকাৰ কৰাৰ অভিযোগ আছে। বিষ্ণোই সম্প্ৰদায়ে কৃষ্ণসাৰ হৰিণক ভগৱান বুলি গণ্য কৰে। আৰু সেই আৱেগক ব্যৱহাৰ কৰি লৰেন্স বিষ্ণোইয়ে ছলমানক কেইবাবাৰো ভাবুকি দিছে। এতিয়া তেওঁ জেলত আছে।

Related News