NORTHEAST NOW (Assamese)

শিৱসাগৰত ৰাভা দিৱস পালন : সাংবাদিক জয়জ্যোতি গগৈক প্ৰদান কৰা হ’ল ‘সংবাদ মধুকৰ বঁটা’

June 20, 2019 9:12 pm · পাৰ্শ্বজ্যোতি গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

আজি সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰৰো বিভিন্ন স্থানত ৰাভা দিৱস পালন কৰা হয়। শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভা আৰু চতুৰ্দশ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস উদযাপন সমিতিৰ উদ্যোগত আজি শিৱসাগৰ জিলা পুথিভঁড়াল চৌহদত ৰাভা দিৱস পালন কৰা হয়।

বিষ্ণুজ্যোতি সাংস্কৃতিত সমন্বয় ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কেন্দ্ৰীয় ৰাভা দিৱসৰ পতাকা উত্তোলন, বৃক্ষ ৰোপন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে ৰাভা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

ত্ৰৈলোক্য দত্ত আৰু দীপা কলিতাই আঁত ধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণন, পৌৰনেত্ৰী মৃদুস্মিতা সিনহা, অসম সাংস্কৃতিত মহাসভাৰ সম্পাদক থানেশ্বৰ নেওগ। অনুষ্ঠানত হেম দত্ত, অসীমা বৰা, অলকা শইকীয়া, গীতাৱলী হাজৰিকা, গীতাঞ্জলী বৰদলৈ, অনামিকা কলিতা অৰু অনুষ্কা তৰংগিনীয়ে ৰাভা সংগীত পৰিবেশন কৰে।

উক্ত অনুষ্ঠানতেই শিৱসাগৰৰ সাংবাদিক জয়জ্যোতি গগৈক ‘সংবাদ মধুকৰ বঁটা’ প্ৰদান কৰাৰ লগতে বিশিষ্ট লেখক পাৰ্থ প্ৰদীপ বৰাক ‘সাহিত্য সৌৰভ বঁটা’ প্ৰদান কৰা হয়।

ফটো : নৰ্থ-ইষ্ট নাও

ইফালে জুবিন ফেন ক্লাৱ শিৱসাগৰ জিলা সমিতিয়ে ব্যতিক্ৰমী ভাৱে অনুষ্ঠিত কৰে ৰাভা দিৱস। ৰেন ক্লাৱে জয়সাগৰস্থিত আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত থকা শিশুসকলৰ মাজত ৰাভা দিৱস উদযাপন কৰে।

অনুষ্ঠানৰ অৰম্ভনিতে বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পনৰ লগতে গছপুলি ৰোপন কৰা হয়। ইয়াৰ পাছতেই শিশুসকলক খোৱা বস্তু বিতৰণ কৰাৰ লগতে আৱাসিক কেন্দ্ৰৰ শিশুসকলে ৰাভা সংগীত পৰিৱেশন কৰে।

অনুষ্ঠানত জুবিন ফেন ক্লাৱৰ সদস্যসকলৰ লগতে ইন্দুমনী দাস, ৰশ্মিৰেখা তামুলী শেৱালী বৰগোহাঁইৰ লগতে বহুটো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Related News