NORTHEAST NOW (Assamese)

নৱবৰ্ষৰ প্ৰথম দিনৰ পৰাই বিশ্বনাথত প্ৰশাসনৰ ‘গাঁৱলৈ ব’লক’ কাৰ্যসূচী

December 30, 2018 12:31 pm · এন ই নাও নিউজ

বিশ্বনাথ জিলা উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাৰ পৰিকল্পনা তথা বিশেষ উদ্যোগত বিশ্বনাথ জিলা প্ৰশাসনে হাতত লৈছে “গাঁৱলৈ ব’লক” শীৰ্ষক এক ব্যতিক্ৰমী জনসম্পৰ্ক অভিযানৰ। এই অভিযান নৱ বৰ্ষৰ আৰম্ভণিৰ পৰা অৰ্থাৎ ১ জানুৱাৰিৰ পৰা আৰম্ভ হ’ব।

প্ৰশাসনক ৰাইজৰ কাষলৈ চপাই নিয়াৰ প্ৰয়াস স্বৰূপে হাতত লোৱা এই অভিযানৰ অধীনত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ মূৰব্বী বিষয়াসকল প্ৰতি পষেকতে একোখনকৈ ভিতৰুৱা গাঁৱত গৈ উপস্থিত হ’ব।

আৰু বিষয়াসকলে ভিতৰুৱা গাঁওবাসী সকলক চৰকাৰৰ নীতি আৰু কাৰ্যসূচীসমূহৰ লগতে বিভাগীয় বিভিন্ন জনকল্যাণমূলক আঁচনি সম্পৰ্কে জনসাধাৰণৰ লগত প্ৰত্যক্ষভাৱে মত-বিনিময় কৰিব।

এক স্বচ্ছ, নিকা, দ্ৰুত আৰু দক্ষ প্ৰশাসন সুনিশ্চিত কৰাৰ লগতে এই অভিযানৰ মূল উদ্দেশ্য হ’ল প্ৰশাসনৰ বিভিন্ন কাম-কাজত সৰ্বাংগীণ সহযোগিতা আৰু সক্ৰিয় অংশগ্ৰহণৰ বাবে ৰাইজক উৎসাহিত কৰা।

উল্লেখযোগ্য যে ১ জানুৱাৰীত জিলাখনৰ তিনিসুঁতি গাঁও পঞ্চায়তত আয়োজিত এক অনুষ্ঠানত উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই ‘গাঁৱলৈ ব’লক’ শীৰ্ষক এই অভিযানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব।

Related News