NORTHEAST NOW (Assamese)

ভিজিলেঞ্চৰ জালত দুই লুণ্ঠনকাৰী বিষয়া; অভিযানত উদ্ধাৰ টকাৰ পাহাৰ, চলি আছে সম্পত্তিৰ হিচাপ

July 22, 2023 11:15 am · এন ই নাও নিউজ, গুৱাহাটী

ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী আৰু সহকাৰী জিলা প্ৰকল্প সমন্বয়ক মৃণাল কান্তি সৰকাৰক দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই (ভিজিলেঞ্চ) চলোৱা এক অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে। ৩০ হেজাৰ টকা কমিছন লোৱাৰ সময়তে হাতে লোটে ধৰা পেলায় বিষয়া দুজনক। অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ ৫ জনীয়া দলে আৰক্ষী অধীক্ষক সিংহৰাম মেধিৰ নেতৃত্বত ধুবুৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ত অভিযান চলাইছিল।

বাতৰি অনুসৰি, ধুবুৰী জিলাৰ ফকিৰগঞ্জ জিলা পৰিষদৰ সদস্য জাকিৰ হুছেইনৰ পৰা আঁচনিৰ ধন মোকলাই দিয়াৰ নামত দাবী কৰা ৯ শতাংশ কমিচনৰ ৩০ হাজাৰ টকা লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী আৰু সহকাৰী জিলা প্ৰকল্প সমন্বয়ক মৃণাল কান্তি সৰকাৰক আটক কৰে।

শুকুৰবাৰে আবেলি ৫ বজাৰ পৰা শনিবাৰে পুৱতি নিশা ৫ বজালৈ প্ৰায় ১২ ঘণ্টা ধৰি বিষয়া দুজনক অভিযানকাৰী দলটোৱে মাৰাথন জেৰা চলায়। ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ লগতে সহকাৰী জিলা প্ৰকল্প সমন্নয়ক মৃণাল কান্তি সৰকাৰৰ বিৰুদ্ধে ধুবুৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।

গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে দুয়োজন বিষয়াক লগতে লৈ তেওঁলোকৰ বাসগৃহত অভিযান চলায়। দলটোৱে অভিযান চলাই মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ বঙাইগাঁৱৰ বৰপাৰাত থকা বাসগৃহৰ পৰা কেইবা কোটি নগদ টকাৰ লগতে বহু মূল্যবান অলংকাৰ উদ্ধাৰ কৰে।

জানিব পৰা মতে, মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ গুৱাহাটীকে ধৰি মুঠ ১১টা স্থানত সম্পত্তি আছে। গোস্বামীৰ ৬টা বেংক একাউন্টো জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে। তদুপৰি, তেওঁৰ পত্নীৰ ফ্লেটৰ পৰাও ২.৫ কোটি টকা উদ্ধাৰ কৰাৰ খবৰ পোৱা গৈছে।  

আনহাতে, গৌৰীপুৰত থকা মৃণালকান্তি সৰকাৰৰ ঘৰতো দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে অভিযান চলায়। সৰকাৰৰ ঘৰত নিশা ১ বজালৈ তালাচী চলাই দলটোৱে বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে বিষয়া দুজনক গ্ৰেপ্তাৰ কৰি ধুবুৰীৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছে আৰু অধিক তথ্যৰ বাবে তেওঁলোকক গুৱাহাটীত জেৰা কৰা হ’ব ।

Related News