আন্তঃৰাষ্ট্ৰীয় কাৰাটে-ড’ চেম্পিয়নশ্বিপত কৃতিত্ব অৰ্জন কৰা বিশ্বনাথৰ তিনি খেলুৱৈক উপায়ুক্তৰ সম্বৰ্ধনা
মালয়েছিয়াত অলপতে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কাৰাটে-ড’ চেম্পিয়নশ্বিপ-২০১৮ৰ ৭০ কিঃগ্ৰাঃ শাখাত স্বৰ্ণপদক অৰ্জন কৰা বিশ্বনাথৰ হৃদয়ানন্দ দাস আৰু ৬০ কিঃগ্ৰাঃ আৰু ৫৫ কিঃগ্ৰাঃ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা ক্ৰমে মিলনজ্যোতি বৰদলৈ আৰু সোনম লামাক আজি বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয় কক্ষত সম্বৰ্ধনা জনোৱা হয়।
এই উপলক্ষে আজি দুপৰীয়া আয়োজিত এক অনুষ্ঠানত উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই কৃতী খেলুৱৈ তিনিগৰাকীক একোখনকৈ ফুলাম গামোচা পিন্ধাই জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে অনাগত দিনত কঠোৰ অনুশীলন আৰু অধ্যৱসায়েৰে ইয়াতকৈও উচ্চস্তৰৰ প্ৰতিযোগিতাত পদক অৰ্জন কৰি দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে।
উল্লেখযোগ্য প্ৰতিযোগিতাখনত স্বৰ্ণপদক অৰ্জন কৰা হৃদয়ানন্দ দাসে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো প্ৰতিযোগিতাত কেৱল খেলুৱৈ হিচাপেই নহয়, বৰং কেইবাখনো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মিলনতজাতীয় দলটোৰ প্ৰশিক্ষক, পৰিচালক আৰু বিচাৰক হিচাপেও অংশগ্ৰহণ কৰি অনেক পদক আৰু সুখ্যাতি কঢ়িয়াই আনিছে।
তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীক সমৰকলাৰ প্ৰশিক্ষণ প্ৰদান কৰি অহা দাসৰ ছাত্ৰ-ছাত্ৰীয়ে দেশ-বিদেশৰ বিভিন্ন প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰিবলৈও সক্ষম হৈছে।
আনহাতে দাসে জনোৱা অনুসৰি ২০২০ চনত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী অলিম্পিকত কাৰাটে-ড’ খেলবিধকো এক ইভেণ্ট হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ অলিম্পিক কমিটীয়ে সিদ্ধান্ত লৈছে। দেশৰ এগৰাকী আগশাৰীৰ খেলুৱৈ হিচাপে এই ইভেণ্টত হৃদয়ানন্দ দাসেও অংশগ্ৰহণৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল।
সেয়া বাস্তৱায়িত হ’লে অলিম্পিকৰ প্ৰস্তুতিৰ ক্ষেত্ৰত জিলা প্ৰশাসন তথা চৰকাৰৰ ফালৰ পৰা সম্ভৱপৰ সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হ’ব বুলি খেলুৱৈগৰাকীক উপায়ুক্ত কলিতাই আশ্বাস প্ৰদান কৰে।