NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথ কৃষি মহাবিদ্যালয়ক কৃষি বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ দাবীত আছুৰ স্মাৰক পত্ৰ প্ৰদান

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম December 8, 2020 6:51 pm

বিশ্বনাথ কৃষি মহাবিদ্যালয়খনক কৃষি বিশ্ববিদ্যালয়লৈ উন্নীত কৰি বিশ্বনাথৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ দাবী জনাই আজি বিশ্বনাথ জিলা ছাত্ৰ সন্থাই এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ বিদ্যুৎ চন্দন ডেকাক বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী ডীন ড০ ৰনেন কুমাৰ বৰ্মনৰ উপস্থিতিত স্মাৰক পত্ৰখনি প্ৰদান কৰা হয়।

স্মাৰক পত্ৰ প্ৰদানৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক ৰূপম দাস, বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বৰা, বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক নয়ন বৰা উপস্থিত থাকে।

তাৰোপৰি, বিশ্বনাথ মহকুমা ছাত্ৰ  সন্থাৰ সভাপতি ভাস্কৰ চমুৱা, বৃত্ত সম্পাদক হিৰণ ভূঞা,  বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সুৰজ ভূঞা, সাধাৰণ সম্পাদক লক্ষ্যজিৎ শইকীয়া আৰু উদ্দীপ্ত ভূঞায়ো উপস্থিত থাকে।

বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে শীঘ্ৰে কৃষি মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় স্তৰলৈ উন্নীত কৰি ৰাজ্যত কৃষি গৱেষণা আৰু কৃষিৰ বিকাশৰ হকে কাম কৰি যোৱাৰ বাবে আহ্বান জনায়।