NORTHEAST NOW (Assamese)

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ বৃহৎ ঘোষণা, নীতিন নবীনৰ লগতে তালিকাভুক্ত অসমৰ দুই নেতা

March 3, 2026 4:25 pm · এন ই নাও নিউজ, গুৱাহাটী

২০২৬ চনৰ আগন্তুক দ্বিবাৰ্ষিক ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ভাৰতীয় জনতা পাৰ্টিয়ে মঙলবাৰে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। দেশৰ ১০ খন ৰাজ্যৰ ৩৭ খন আসনৰ বাবে অনুষ্ঠিত হবলগীয়া এই নিৰ্বাচনৰ বাবে দলটোৱে ৯ জনীয়া প্ৰাৰ্থীৰ এখন তালিকা প্ৰকাশ কৰিছে। এই তালিকাত আটাইতকৈ চৰ্চিত নামটো হৈছে দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নাম। দলীয় নেতৃত্বই নীতিন নবীনক বিহাৰৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। ইয়াৰ উপৰিও বিহাৰৰ পৰাই শিৱেশ কুমাৰকো মনোনীত কৰা হৈছে।

অসমৰ ৰাজনীতিৰ বাবেও এই ঘোষণা অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কিয়নো বিজেপিৰ এই ৯ জনীয়া তালিকাত অসমৰ দুজন জ্যেষ্ঠ নেতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। অসমৰ পৰা তেৰ গোৱালা আৰু যোগেন মহনক ৰাজ্যসভাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে গেৰুৱা দলটোৱে। আনহাতে ছত্তীশগড়ৰ পৰা লক্ষ্মী ভাৰ্মা, হাৰিয়ানাৰ পৰা সঞ্জয় ভাটিয়া, ওড়িশাৰ পৰা মনমোহন সমল আৰু সুজিত কুমাৰ তথা পশ্চিম বংগৰ পৰা ৰাহুল সিনহাক উচ্চ সদনৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়োৱা হৈছে।

ভাৰতীয় নিৰ্বাচন আয়োগে ১৬ মাৰ্চত এই নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিন ধাৰ্য কৰিছে। এপ্ৰিল মাহত বিভিন্ন ৰাজ্যত খালী হবলগীয়া আসনসমূহৰ ভিতৰত মহাৰাষ্ট্ৰ, তামিলনাডু, পশ্চিম বংগ, বিহাৰ, ওড়িশা, অসম, তেলেংগানা, ছত্তীশগড়, হাৰিয়ানা আৰু হিমাচল প্ৰদেশ অন্যতম। বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশত বিজেপিয়ে যিহেতু বেছিভাগ ৰাজ্যতে চৰকাৰ চলাই আছে বা শক্তিশালী মিত্ৰজোঁটৰ অংশীদাৰ হৈ আছে, গতিকে এই নিৰ্বাচনৰ পাছত উচ্চ সদন অৰ্থাৎ ৰাজ্যসভাত শাসকীয় দলটোৰ শক্তি আৰু অধিক বৃদ্ধি পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

মঙলবাৰে ঘোষণা কৰা এই তালিকাখনে দলটোৰ ভিতৰচৰাত এক নতুন উৎসাহৰ সৃষ্টি কৰিছে। বিশেষকৈ অসমৰ দৰে ৰাজ্যত খালী হবলগীয়া তিনিখন আসনৰ বিপৰীতে বিজেপিয়ে ইতিমধ্যে দুজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰি নিৰ্বাচনী যুঁজৰ বাবে সাজু হোৱাৰ ইংগিত দিছে। অতি সৰল প্ৰক্ৰিয়াৰে আৰু নিৰ্বাচিত প্ৰতিনিধিসকলৰ ভোটৰ আধাৰত অনুষ্ঠিত হবলগীয়া এই নিৰ্বাচনে দেশৰ সংসদীয় ৰাজনীতিত এক বিশেষ মাত্ৰা প্ৰদান কৰিব।

Related News