NORTHEAST NOW (Assamese)
অসম

পণ ল’লে বিতোপনে! গোলাঘাটত প্ৰাক্তন কংগ্ৰেছীক প্ৰাৰ্থিত্ব দিয়াত বিজেপি এৰি যোগ দিলে কংগ্ৰেছত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 6, 2021 7:42 am
bitopan saikia

বিজেপিৰ টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছতে ক্ষোভিত হৈ পৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা গোলাঘাটৰ বিতোপন শইকীয়া।

গোলাঘাটত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত বিতোপন শইকীয়াৰ যথেষ্ট অৱদান আছে। কিন্তু ঘোষিত  বিজেপিৰ প্ৰাৰ্থী তালিকাত বিতোপন শইকীয়াৰ নাম নাহিল।

পুৰণি বিজেপি নেতা বিতোপন শইকীয়াৰ স্থানত গোলাঘাট সমষ্টিত বিজেপিয়ে টিকট প্ৰদান কৰিলে কিছুদিন পূৰ্বে কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰা  অজন্তা নেওগক।

পুৰণি বিজেপি কৰ্মীক এইদৰে টিকটৰ পৰা বঞ্চিত কৰি নতুনকৈ দলত যোগ দিয়া প্ৰাক্তন কংগ্ৰেছী এগৰাকীক প্ৰাৰ্থিত্ব দিয়াত সমষ্টিটোৰ বিজেপি দলৰ কৰ্মীসকল অসন্তুষ্ট হৈ পৰিছে। সেইদৰে প্ৰাৰ্থিত্ব প্ৰত্যাশী বিতোপন শইকীয়ায়ো ক্ষুব্ধ হৈ পৰে।

ইপিনে, শুকুৰবাৰে সন্ধিয়াই বিতোপন শইকীয়া গুৱাহাটীত আহি উপস্থিত হয়  আৰু হোটেল পেলেচিঅ’ত কংগ্ৰেছৰ বৈঠক চলি থকাৰ মাজতে দলটোত যোগদান কৰে।

কংগ্ৰেছত যোগদান কৰি বিতোপন শইকীয়াই যিকোনো প্ৰকাৰে অজন্তা নেওগক পৰাজিত কৰাৰ হুংকাৰ দিয়াৰ লগতে গোলাঘাট সমষ্টিত নিজৰ বিজয় সাৱ্যস্ত কৰাৰ পণ লয়।