প্রতিবাদত সেওঁ মানিলে বিজেপিয়ে, উন্নাওৰ বলাৎকাৰী প্ৰাক্তন বিধায়কৰ পত্নীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ
এগৰাকী বলাৎকাৰী প্ৰাক্তন বিজেপি বিধায়কৰ পত্নীক পঞ্চায়ত নিৰ্বাচনৰ টিকট দি বাৰুকৈয়ে গণৰোষৰ সন্মুখীন হ’ল বিজেপি।
উত্তৰ প্ৰদেশৰ বলাৎকাৰী প্ৰাক্তন বিজেপি বিধায়ক কুলদীপ সিং সেনেগাৰৰ পত্নী সংগীতাক ফতেপুৰ চৌৰাছি পঞ্চায়তত নিৰ্বাচনৰ টিকট দিছিল বিজেপিয়ে।
বিজেপিৰ এনে পদক্ষেপকলৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
আনকি উন্নাওৰ বলাৎকাৰ কাণ্ডৰ নিৰ্যাতিতাৰ পৰিয়ালেও বিষয়টোকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। ইয়াৰ পিছতে বলাৎকাৰী বিজেপি বিধায়কৰ পত্নীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে বিজেপিয়ে।
উল্লেখ্য ২০১৭ চনৰ ৪ জুনত উত্তৰপ্ৰদেশৰ উন্নাওত সংঘটিত হোৱা এটা গণধৰ্ষণে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
এগৰাকী নাবালিকাক কৰা ধৰ্ষণকাণ্ডটোৰ মূল অভিযুক্ত কুলদীপ সিং সেনেগাৰ আছিল এজন বিজেপি বিধায়ক।
ধৰ্ষণকাণ্ডটোৰ পাছতে তেওঁৰ বিধায়ক পদবী খাৰিজ কৰাৰ লগতে বিজেপিৰ পৰাও বহিস্কৃত হৈছিল।
২০২০ চনত কুলদীপ সেনেগাৰক ১০ বছৰৰ বাবে কাৰাদণ্ড বিহাৰ উপৰিও ধৰ্ষণৰ ভুক্তভোগীৰ পিতৃৰ মৃত্যু হোৱাৰ বাবে ১০ লাখ টকাৰ জৰিমণা ভৰোৱা হৈছিল।
তেনে এগৰাকী লোকৰে পত্নীক বিজেপিয়ে ৰাজ্যখনৰ আসন্ন পঞ্চায়ত নিৰ্বাচনত বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়াৰ কথাই প্ৰতিক্ৰিয়ৰ সৃষ্টি কৰিছিল।
উল্লেখযোগ্য যে ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচন ১৫ এপ্ৰিলৰ পৰা চাৰিটা পৰ্যায়ত অনুষ্ঠিত হ’ব।
নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ২ মে’ত।