NORTHEAST NOW (Assamese)

BY-Election Result Live Update থাওৰাত বিজেপিৰ অগ্ৰগতি; ৰাইজৰ দলৰ স্থিতি কি?

November 2, 2021 10:31 am · পার্শ্বজোতি গগৈ, শিৱসাগৰ

BY-Election Result Live Update ৰাজ্যত ৩০ অক্টোবৰত অনুষ্ঠিত হোৱা পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনৰ আজি ভোট গণনা প্ৰক্ৰিয়া চলি আছে।

১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ ভোটগণনা শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ত পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে।

শেহতীয়া খৱৰ অনুসৰি, বিজেপিৰ সুশান্ত বৰগোঁহাইয়ে ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰতকৈ ১০,০০০ তকৈয়ো অধিক ভোটত আগবাঢ়ি আছে।

পঞ্চম ৰাউণ্ডত সুশান্তই লাভ কৰিছে ৩৯৩৯ টা ভোট। এতিয়ালৈকে সুশান্ত বৰগোঁহাইয়ে লাভ কৰিছে ১৯৮৮৫টা ভোট।

ভোটগ্ৰহণ হৈ যোৱাৰ পাছত সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি ভৱা হৈছিল আৰু সেই অনুসৰি ভোটগণনাত এতিয়ালৈকে তাৰ কিছু প্ৰভাৱ স্পষ্ট দেখা গৈছে।

হাইপ্ৰফাইল থাওৰা সমষ্টিৰ পাঁচ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব আজি ইভিএমে। সমষ্টিটোত বিজেপি দলৰ হৈ সুশান্ত বৰগোঁহাই,  কংগ্ৰেছ দলৰ মনোৰঞ্জন কোঁৱৰ,  চিপিআইৰ কৃষ্ণ গগৈ, ৰাইজৰ দলৰ ধৈৰ্য্য কোঁৱৰ আৰু নিৰ্দলীয় লোহিত গোৱালাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা ১,১৫,৯৭১ টা। ইয়াৰে প্ৰায় ৭৭.৫৬ শতাংশই ভোটদান কৰিছিল।

থাওৰা সমষ্টিত পূৰ্বে পাঁচবাৰ কংগ্ৰেছৰ দখলত থকাৰ লগতে এবাৰ চিপিআই,  দুবাৰ নিৰ্দলীয় প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে এবাৰ বিজেপিয়ে দখল কৰিছিল।

Related News