NORTHEAST NOW (Assamese)
অসম

এন আৰ চি : হাজেলাৰ ভূমিকাত সন্তুষ্ট নহয় শাসকীয় বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছ

Posted by: এন ই নাও নিউজ September 8, 2018 9:35 am
Assam NRC: State Govt appoints 221 Foreigners’ Tribunal members

এন আৰ চিৰ ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাৰ ভূমিকাত অসন্তুষ্ট হৈ পৰিছে শাসকীয় দল বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছো। এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোত সৰ্বান্তকৰণে লাগি থকা হাজেলাৰ প্ৰতি শাসক-বিৰোধীৰ এই ৰোষৰ কাৰণ ইতিমধ্যে স্পষ্ট হৈ পৰিছে।

এন আৰ চিৰ ৰাজ্যিক সমম্বয়ক হাজেলাই শেহতীয়াকৈ এন আৰ চিৰ চূড়ান্ত খচৰাৰপৰা বাদ পৰা ৪০ লাখ লোকৰ ওজৰ-আপত্তি দাখিলৰ ক্ষেত্ৰত পূৰ্বৰ ১৫ বিধ নথিৰ বিপৰীতে ১০ বিধ নথিহে গ্ৰহণযোগ্য হ’ব লাগে বুলি উচ্চতম ন্যায়ালয়ক পৰামৰ্শ দিছিল। হাজেলাই ১৯৫১ চনৰ নাগৰিকপঞ্জী আৰু ১৯৭১ চনৰ পূৰ্বৰ ভোটাৰ তালিকাত থকা নাম নাগৰিকত্ব প্ৰমাণৰ নথি হ’ব নালাগে বুলি কৈছিল আৰু আদালতে তাক মানি লৈছিল।

হাজেলাৰ উক্ত স্থিতিক শাসক-বিৰোধী উভয় পক্ষই সমালোচনা কৰিছে। কংগ্ৰেছ নেতা তথা অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই আদালতক বিপথে পৰিচালিত কৰিছে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে হাজেলাক উক্ত পদৰপৰা অপসাৰণ কৰাৰো দাবী জনাইছে।

আনহাতে, শাসকীয় দল বিজেপিয়ে শুকুৰবাৰে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ন্যায়ালয়ত প্ৰদান কৰা মতামত উদ্দেশ্যপ্ৰণোদিত বুলি মন্তব্য কৰিছে। হাজেলাৰ মতামতে পৰিস্থিতি জটিল কৰি তোলা বুলি সদৰী কৰিছে বিজেপিয়ে।

হাজেলাৰ এই ভূমিকা তথা বাদ পৰা এই লোকসকলৰ নাম চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত কৰা আৰু ভৱিষ্যৎ কৰ্মপন্থা সম্পৰ্কত আলোচনা কৰাৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে আন নেতৃত্বই ৮ আৰু ৯ ছেপ্টেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে বৈঠকত মিলিত হ’ব।

ইপিনে,বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিলীপ শইকীয়াই জানিবলৈ দিয়ে যে অহা ১০ ছেপ্টেম্বৰত বিজেপিয়ে এক সংবাদমেলযোগে  এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা আৰু এন আৰ চিৰ পৰা নাম বাদ পৰাসকলৰ সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিব।

এন আৰ চিৰ ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাৰ সম্পৰ্কত বিভিন্ন দল-সংগঠনে আপত্তি কৰি অহাৰ পিছত ৰাজ্যখনৰ দুই প্ৰধান ৰাজনৈতিক দল বিজেপি আৰু কংগ্ৰেছে অসন্তুষ্টি প্ৰকাশ কৰাত হাজেলাৰ বাবে বিষয়টো অস্বস্তিৰ কাৰণ হৈ পৰাৰ সম্ভাৱনা আছে।