হতাশাৰ প্ৰতিফলন! বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত সাংবাদিকক আক্ৰমণ বিজেপি গুণ্ডাবাহিনীৰ
সাংবাদিক আচিফ আলি। ফটো: নৰ্থইষ্ট নাও।
শিৱসাগৰৰ মেটেকাত বিজেপি গুণ্ডাবাহিনীয়ে সাংবাদিকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।
বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাতে আক্ৰমণ কৰা হয় সাংবাদিক আচিফ আলিক।
এই ঘটনাৰ সন্দৰ্ভত শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে আক্ৰমণৰ বলি হোৱা সাংবাদিকজনে।
উল্লেখ্য যে ভোট গ্ৰহণৰ অন্তত মেটেকাৰ ২ নং ভোট কেন্দ্ৰত ইভিএম সমুহ বহু সময় ধৰি ছীল নকৰা বুলি অভিযোগ কৰিছিল স্থানীয় ৰাইজে।
ইয়াকে লৈ ভোট কেন্দ্ৰটোৰ বাহিৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
এই বাতৰি সংগ্ৰহ কৰিবলৈ যাওতে বিজেপিৰ এটা গুণ্ডাবাহিনীয়ে সাংবাদিক গৰাকীক আক্ৰমণ কৰে।