NORTHEAST NOW (Assamese)

‘পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন দাবী কৰাৰ অধিকাৰ বিজেপিৰ আছে’; গৃহমন্ত্ৰী অমিত শ্বাহৰ দাবী

October 18, 2020 9:56 am · এন ই নাও নিউজ
Updated: October 18, 2020 10:00 am

আইন শৃংখলাৰ পৰিস্থিতি অৱনতি হ’লে পশ্চিমবংগত ৰাষ্ট্ৰপতিৰ শাসন বিচৰাৰ অধিকাৰ বিজেপিৰ আছে। এই দাবী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।

আৰোগ্য হৈ উঠাৰ পিছত কেবাটাও বিষয়ত নিজৰ মত ব্যক্ত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটা সাক্ষাৎকাৰত এইদৰে কয়।

শনিবাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সংবাদ প্ৰতিষ্ঠানক দিয়া সাক্ষাৎকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে দাবী কৰে যে অহা বছৰৰ বিধান সভাৰ নিৰ্বাচনত জয়ী হৈ পশ্চিমবংগত বিজেপি ক্ষমতালৈ আহিব।

লগতে তেওঁ এইবুলিও কয় যে আইন শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটিলে এটা সচেতন ৰাজনৈতিক দল হিচাপে বিজেপিৰ পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন দাবী কৰাৰ অধিকাৰো আছে।

ইফালে লাডাখৰ ভাৰত-চীন সীমান্তকলৈও মুখ খুলিছে কেন্দ্ৰী গৃহমন্ত্ৰী গৰাকীয়ে। মন্ত্ৰী গৰাকীৰ মতে লাডাখ সীমান্তৰ সমস্যা সমাধানৰ বাবে চৰকাৰে সম্ভৱপৰ সকলো পৰ্যায়ৰ সামৰিক আৰু কূটনৈতিক প্ৰচেষ্টা হাতত ল’ব।

“আমি সতৰ্ক হৈ আছো, আমি আমাৰ এক ইঞ্জি ভূমিয়ো এৰি নিদিওঁ। আমাৰ প্ৰতিৰক্ষা বাহিনী আৰু নেতৃত্বই দেশৰ সাৰ্বভৌমত্ব আৰু সীমান্ত ৰক্ষা কৰবিলৈ সক্ষম।” সাক্ষাৎকাৰটো শ্বাহে কয়।

গৃহমন্ত্ৰী গৰাকীয়ে লগতে কয় যে দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তা ৰক্ষাৰ বাবে এই চৰকাৰ প্ৰতিশ্ৰুতিৱদ্ধ।

ইফালে বিহাৰ নিৰ্বাচনকলৈও কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কিছু তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয় যে, নিৰ্বাচনৰ পিছত নীতিশ কুমাৰেই পুনৰ বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব।

শ্বাহে দাবী কৰে যে, বিহাৰ নিৰ্বাচনত এনডিএ মিত্ৰজোঁটে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ ক্ষমতা দখল কৰিব।

অহা বছৰ অনুষ্ঠিত হ’বলগীয়া পশ্চিমবংগৰ বিধান সভাৰ নিৰ্বাচনত বিজেপিয়ে ক্ষমতা দখল কৰিবলৈ প্ৰতিজ্ঞাৱদ্ধ বুলি মন্তব্য কৰি তেওঁ কয়, “আমি লক্ষ্য স্থিৰ কৰি লৈছো, আমি যুঁজ কৰিম আৰু পশ্চিমবংগত চৰকাৰ গঠন কৰিম।”

Related News