NORTHEAST NOW (Assamese)
অসম

বিজেপি নেত্ৰীয়ে দলৰে মণ্ডল সভাপতিৰ বিৰুদ্ধে আনিলে জালিয়াতিৰ অভিযোগ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 20, 2019 8:14 am
Taro And Nath

এইবাৰ নিজ দলৰে মণ্ডল সভাপতিকে ধৰি অন্যান্য বিষয়ববীয়াৰ বিৰুদ্ধে প্ৰধান মন্ত্ৰীৰ উজলা যোজনাৰ অধীনত বিতৰণ কৰা বিনামূলীয়া গেছ সেৱাৰ যোগানত ধন সংগ্ৰহৰ দৰে জালিয়াতি কৰাৰ অভিযোগ তুলিছে এগৰাকী নেত্ৰীয়ে।

আনকি ন্যায় বিচাৰি থানাত এজাহাৰো দাখিল কৰিছে বিজেপি নেত্ৰীগৰাকীয়ে।

দিচপুৰ মণ্ডলৰ ঋতুপৰ্ণা ডেকা নামৰ এগৰাকী নেত্ৰীয়ে কৰা অভিযোগ অনুসৰি দিচপুৰ মণ্ডল বিজেপিৰ সভাপতি দিলীপ তাৰু, ৰবীন্দ্ৰ চাহানী, প্ৰবীণ শৰ্মা আৰু ৰামু সিঙে চূণচালি আৰু নুনমাটি অঞ্চলত বিনামূলীয়া গেছ বিতৰণৰ নামত ১০০০ টকাৰ পৰা ১৫০০ টকালৈকে ধন সংগ্ৰহ কৰিছে।

ডেকাই আনকি চাৰিওজন নেতাৰ বিৰুদ্ধে যোৱা ১৪ অক্টোবৰৰ দিনা নুনমাটি থানাত এজাহাৰ দাখিল কৰিছিল।

সেই এজাহাৰৰ ভিত্তিতে নুনমাটি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪০৬/৪২০৫০৬/৩৪ ধাৰাত ৬২৯ নম্বৰত এক গোচৰ ৰুজু কৰিছিল।

এই চাৰিওজন নেতাই নিপু পাছোৱানৰ পৰা ১১৯০, প্ৰমীলা দেৱী, পাৰ্বতী দেৱী, লক্ষী দেৱী আৰু মনিষা দাসৰ পৰা ১৩০০ টকা উৎকোচ লোৱাৰ উপৰিও চূণচালি-নুনমাটি অঞ্চলৰ আন বহুকেইগৰাকী মহিলাৰ পৰা ১০০০ টকাকৈ উৎকোচ লোৱা বুলি বিজেপি নেত্ৰী ডেকাই এজাহাৰত উল্লেখ কৰিছে।

827cf836-43b3-43da-975a-8b0baeca7d8d
এজাহাৰৰ কপিটো।

আনকি  বিজেপি নেত্ৰীগৰাকীয়ে এই অভিযোগ উত্থাপন হোৱাৰ পাছতে চাৰিওগৰাকী নেতাই গ্ৰাহকক অভিযোগ নকৰিবলৈ ধমক দিয়া বুলি এজাহাৰত উল্লেখ কৰিছে।

তদুপৰি, এজাহাৰ দাখিল কৰা দিনটোতে থানা চৌহদত মণ্ডল সভাপতি দিলীপ তাৰুৱে ঋতুপৰ্ণা ডেকাক থানা চৌহদতে আঁচনিসমূহ বন্ধ কৰি দিব বুলি ধমক দিয়া বুলিও এজাহাৰত উল্লেখ কৰিছে।

নেত্ৰীগৰাকীৰ গোচৰৰ ৫ দিন পাছত অৰ্থাৎ শণিবাৰে দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল পাতি ইয়াৰ স্পষ্টীকৰণ দিয়ে দিচপুৰ মণ্ডলৰ সভাপতিগৰাকীয়ে।

তাৰুৱে এই অভিযোগ তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰাৰ ষড়যন্ত্ৰৰে তোলা হৈছে বুলি সংবাদমেলত সদৰী কৰে।

‘’মিছা অভিযোগ এটা আনিছে আমাৰ ওপৰত। প্ৰথম কথা আমি ক’ব বিচাৰিছো ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক নিৰ্বাচন চলি আছে। বুথ পৰ্য্যায়ৰ নিৰ্বাচন শেষ হৈছে, এতিয়া মণ্ডল পৰ্য্যায়ৰ নিৰ্বাচন আৰম্ভ হ’ব। গতিকে মোৰ উত্থানত কিছুমান মানুহ শংকিত হৈ পৰিছে। ৰাজনৈতিকভাৱে হেয় প্ৰতিপন্ন কৰিবৰ বাবে বা ৰাজনৈতিক কেৰিয়াৰ শেষ কৰাৰ কাৰণে বিৰাট ষড়যন্ত্ৰ চলিছে। মই ষড়যন্ত্ৰৰ বলি হৈছো,’’-সংবাদমেলত তাৰুৱে কয়।

ইপিনে, একাংশ সংবাদ মাধ্যমে কেৱল বিজেপিৰ নেত্ৰীগৰাকীৰ ‘ভাষ্য’ৰ ভিত্তিতে বাতৰি পৰিবেশন কৰা বুলি মন্তব্য কৰি তাৰুৱে লগতে কয়, ‘’আমি জালিয়াতি কৰা নাই, কৰিছে যদি গেছ এজেন্সিয়ে কৰিব। এজেন্সিসমূহত অভিযোগ অনাসকলে তদন্ত কৰিব লাগিছিল। কোনোধৰণৰ তদন্ত নকৰাকৈ বা কোনো ভিডিঅ’ ফুটেজ নোহোৱাকৈ কাৰোবাৰ বাইটৰ ওপৰত ভিত্তি কৰি নিউজ বনাই দিলে।‘’

তেওঁ আৰু কয়,‘’ডেকাক হয়তো কোনোবাই ভুল তথ্য দিছিল, সেই তথ্যৰ আধাৰতে আমাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে।‘’

ইপিনে, নেত্ৰীগৰাকীয়ে দাখিল কৰা এজাহাৰত নাম নথকা সত্বেও বিজেপিৰ আমন্ত্ৰিত সদস্য হিচাপে কৰ্মৰত মনোজ নাথ নামৰ লোকজনক কেন্দ্ৰ কৰি কোনো এটা ব্যক্তিগত চেনেলে বাতৰি পৰিবেশন কৰা বুলি সংবাদমেলত নাথে উল্লেখ কৰে।

নাথে কয়, ‘’মোৰ নাম এজাহাৰত নাই, কোনো ব্যক্তিয়ে মোৰ নামত এজাহাৰ দাখিল কৰা নাই। কোনো বাইট নাই, তথাপি মোৰ নামটো সাঙুৰি এটা ব্যক্তিগত চেনেলত বাতৰি পৰিৱেশন কৰাটো মোৰ বাবে অবুজ সাথৰ। মোৰ সামাজিক ৰাজনৈতিক উত্থানত শংকিত হৈ কোনোবাই এই কাম কৰিব পাৰে। মোৰ যি সামাজিক পৰিচয় আছে সেই পৰিচয় ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ কৰিলে তাক লৈ যথেষ্ট দু:খিত।‘’