NORTHEAST NOW (Assamese)

চোৰাং গৰু আৰু অৰুণাচলী মদ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপি নেতা মনোজ হাজৰিকা

June 14, 2024 11:28 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

শিৱসাগৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল বিজেপিৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মনোজ হাজৰিকা।

উল্লেখ্য যে যোৱা ৫ মে’ত শিৱসাগৰ জিলাৰ ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে জব্দ কৰিছিল অৰুণাচলী সুৰা ভৰ্তি এখন ট্ৰাক। সেই সুৰা সৰবৰাহৰ লগত মনোজ হাজৰিকা জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল।

সেই গোচৰত ডিমৌ আৰক্ষীয়ে মনোজ হাজৰিকাক গ্ৰেপ্তাৰ কৰিছিল যদিও জামিন লাভ কৰে।

কিন্তু ইয়াৰ পূৰ্বে চোৰাং গৰু সৰবৰাহৰ এটা গোচৰ ৰুজু হৈ আছিল বিজেপি নেতাজনৰ বিৰুদ্ধে।সেই গোচৰতে আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছে নেতাগৰাকীক।

জানিব পৰা মতে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ নং ধাৰাত বিজেপিৰ নেতা গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

ইফালে এই গোচৰ ৰুজু হোৱাৰ পিছতে বিজেপিৰ সকলো দায়িত্বৰ পৰা নেতাগৰাকীক অব্যাহতি দিয়া হৈছে।

Related News