NORTHEAST NOW (Assamese)
অসম

ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে জোৱানৰ সৈতে ‘ৰিল’; বিজেপি নেতাৰ কাণ্ডক লৈ বিতৰ্ক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 6, 2025 8:19 am

দেশৰ ২৬ জন লোকে সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱাইছে। প্ৰতিশোধ বিচাৰিছে ভাৰতে। এই উত্তেজিত পৰিবেশত বিজেপি নেতা ৰবীন্দ্ৰ ৰাইনাই ভাৰতীয় সেনাৰ সৈতে ‘ৰিল’ বনাই বিতৰ্কৰ সৃষ্টি কৰিছে।

এনে ঘটনা সন্দৰ্ভত বিৰোধীয়ে কটু মন্তব্য কৰিয়েই থমকি ৰোৱা নাই। তেওঁলোকৰ প্ৰশ্ন, গেৰুৱা নেতাৰ এই দায়িত্বহীন আচৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেনেকৈ মানি লৈছে?

দেওবাৰে ছ’চিয়েল মিডিয়া হেণ্ডেল এক্স আৰু ইনষ্টাগ্ৰামত ১৪ ছেকেণ্ডৰ এই ভিডিঅ’টো পোষ্ট কৰে ৰবীন্দ্ৰ ৰাইনাই। তাতে জম্মু-কাশ্মীৰৰ বৰফেৰে ভৰা উপত্যকাত সেনা পোছাক পৰিহিত জোৱানৰ সৈতে তেওঁকো দৌৰি থকা দেখা গৈছে। ভিডিঅ’টোৰ কেপচনত লিখা আছে ‘জয় হিন্দ’।

কংগ্ৰেছে কয় যে পেহেলগামত ২৬ জন নাগৰিকৰ মৃত্যুত দেশে শোক প্ৰকাশ কৰি থকাৰ সময়তে, যুদ্ধৰ উত্তেজনা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ সময়তে এজন বিজেপি নেতাই ভাৰতীয় সেনাক লৈ ‘ৰিল’ বনাইছে। ইয়াতকৈ ডাঙৰ ল’ৰা-ধেমালি আৰু কি হ’ব পাৰে?

কংগ্ৰেছে লগতে অভিযোগ কৰে যে পেহেলাগামৱৰ দৰে ঘটনাৰ বাবে ৰবীন্দ্ৰৰ কোনো অনুশোচনাৰ ভাৱ নাই। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গেৰুৱা নেতাৰ এই লজ্জাজনক আচৰণ মানি লৈছে!

কংগ্ৰেছৰ উপৰিও শিৱসেনাৰ নেত্ৰী (উদ্ধৱ শিবিৰ) প্ৰিয়ংকা চতুৰ্বেদীয়েও ৰবীন্দ্ৰ ৰাইনাৰ বিৰুদ্ধে আঙুলি তুলিছে।