NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ লক্ষণ দেখা দিয়াৰ পাছত হাস্পাতলত ভৰ্তি বিজেপি নেতা সম্বিত পাত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 28, 2020 4:23 pm
Sambit-Patra

কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ লক্ষণ দেখা দিয়াৰ পাছত হাস্পাতলত ভৰ্তি  হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ।

গুৰুগ্ৰামৰ মেদান্তা প্ৰাইভেট হাস্পাতলত ভৰ্তি  কৰা হৈছে সম্বিত পাত্ৰক।

জানিব পৰা মতে, বৃহস্পতিবাৰে ৰাতিপুৱা কোভিড-১৯ৰ লক্ষণ দেখা দিয়াৰ পাছত বিজেপি নেতাগৰাকীক হাস্পাতললৈ লৈ যোৱা হয়।

টিভিৰ টক শ্ব’তসমূহত তথা ছচিয়েল মিডিয়াত আটাইতকৈ চৰ্চিত মুখ হিচাপে পৰিচিত সম্বিত পাত্ৰ।

বিগত লোকসভা নিৰ্বাচনত উৰিষ্যাৰ পুৰী সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিজেদি দলৰ প্ৰাৰ্থীগৰাকীৰ হাতত পৰাজিত হৈছিল।

আনহাতে, দিল্লীৰ কংগ্ৰেছ দলৰ মুখপাত্ৰ সঞ্জয় ঝাকৰ’না আক্ৰান্ত হৈ হোম কোৱাৰেন্টাইন হৈ আছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি বৰ্তমান দেশত কৰ’না আক্ৰান্তৰ সংখ্যা ১ লাখ ৫৮হাজাৰ হৈছেগৈ।

সেইদৰে, ৪,৫৩১জন লোকৰ মৃত্যু হৈছে আৰু ৬৭,৬৯১জন লোক সুস্থ হৈ উঠিছে।