NORTHEAST NOW (Assamese)
Popular Stories

নিৰ্বাচনত পৰাজিত অভিনেত্ৰীক ‘নগৰৰ নটী’ আখ্যা বংগৰ বিজেপি নেতা তথাগত ৰায়ৰ, বিতৰ্কৰ সূত্ৰপাত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 4, 2021 6:40 pm
নিৰ্বাচনত পৰাজিত অভিনেত্ৰীক ‘নগৰৰ নটী’ আখ্যা বংগৰ বিজেপি নেতা তথাগত ৰায়ৰ, বিতৰ্কৰ সূত্ৰপাত

অভিনেত্ৰী তথা দলৰ পৰাজীত প্ৰাৰ্থীসকলৰ প্ৰতি অশালীন মন্তব্যৰে বিতৰ্কৰ সূত্ৰপাত ঘটাইছে বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতাই।

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত ভিন ভিন সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল টলিউডৰ জনপ্ৰিয় অভিনেত্ৰী পায়েল সৰকাৰ, শ্ৰাৱন্তী চট্টোপাধ্যায় আৰু পাৰ্নো মিত্ৰই।

কিন্তু প্ৰবল জনপ্ৰিয়তা সত্বেও তেওঁলোক সমুখিন হয় শোচনীয় পৰাজয়ৰ।

এই সম্পৰ্কত দলৰ জ্যেষ্ঠ নেতা তথাগত ৰায়ে এটা টুইট কৰি দলীয় নেতৃত্বক সমালোচনা কৰে।

তদুপৰি অভিনেত্ৰীকেইগৰাকীকো কটাক্ষ কৰিবলৈ গৈ ‘নগৰৰ নটী’ আখ্যা দিয়ে।

তেওঁ লিখে- ”নগৰীৰ নটীকেইজনীয়ে নিৰ্বাচনৰ টকা লৈ খেলা কৰি ফুৰিছে আৰু মদন মিত্ৰৰ স’তে নৌকাবিলাসত গৈ চেলফী তুলিছে আৰু হাৰি ভূত হৈছে।”

উল্লেখযোগ্য মদন মিত্ৰ হৈছে তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতা।

অভিনেত্ৰীকেইগৰাকীক কিয় টিকট দিয়া হৈছিল, সেই বিষয়ে তথাগত ৰায়ে দলীয় নেতৃত্বকো প্ৰশ্ন কৰে।

‘নগৰীৰ নটী’ হিচাপে অভিহিত কৰাৰ বাবে ইতিমধ্যে ৰায়ক চিনেমাজগতৰ তাৰকাসকলে ব্যাপক সমালোচনা কৰিছে।