NORTHEAST NOW (Assamese)

কৰ্ণাটকত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰতিবাদী সভাত বিজেপি নেতাৰ মৃত্যু

June 17, 2024 6:11 pm · এন ই নাও নিউজ, গুৱাহাটী

কৰ্ণাটকৰ শিৱমংগা জিলাত বিজেপি নেতাৰ মৃত্যুত শাসকীয় দল কংগ্ৰেছৰ বিপদ বৃদ্ধি পাইছে৷মৃত বিজেপি নেতাৰ নাম এম ভি ভানুপ্ৰকাশ। কৰ্ণাটকত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আয়োজিত প্ৰতিবাদী সভাত ভাষণ প্ৰদান কৰি থকা অৱস্থাত ভানুপ্ৰকাশ হঠাৎ অসুস্থ হৈ পৰে।ব্যক্তিজনক চিকিৎসালয়লৈ নিয়াৰ পাছতে মৃত ঘোষণা কৰা হয়।

দেওবাৰৰ পৰা কৰ্ণাটকত কাৰ্যকৰী হ’ল নতুন পেট্ৰ’ল-ডিজেলৰ মূল্য। ৰাজ্যৰ কংগ্ৰেছ চৰকাৰে বিক্ৰীকৰৰ বাবে প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমে ৩ আৰু ৩.৫ টকা বৃদ্ধি কৰিছে। প্ৰসংগক্ৰমে এতিয়াও পেট্ৰল-ডিজেলৰ ওপৰত জি এছ টি প্ৰৱৰ্তন হোৱা নাই।

বিজেপিয়ে এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ আহ্বান জনায়। সোমবাৰে শিৱমংগৰ জিলা সদৰত অনুষ্ঠিত প্ৰতিবাদী সভাত সম্বোধন কৰি নেতাগৰাকীয়ে ভাষণ দি আছিল৷স্বাভাৱিকতে বিজেপি নেতাৰ এনে কৰুণ মৃত্যুত ক কংগ্ৰেছ চৰকাৰ অস্বস্তিত পৰিছে। দেওবাৰে বিজেপিয়ে ইন্ধনৰ মূল্যবৃদ্ধিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। নিৰ্বাচন শেষ হোৱাৰ লগে লগে কংগ্ৰেছ চৰকাৰৰ প্ৰকৃত ৰূপ ওলাই পৰিছে বুলি উল্লেখ কৰে।

আনহাতে, কংগ্ৰেছে কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ প্ৰতি কৰা ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে। কেন্দ্ৰীয় তহবিলত জমা হৈ থকা ধনৰ এটোপালো কেন্দ্ৰৰ পৰা পোৱা নাই কৰ্ণাটক চৰকাৰে।সেইবাবে কৰ্ণাটক চৰকাৰে ইন্ধনৰ ওপৰত কৰ আৰোপ কৰি ৰাজহ বৃদ্ধি কৰিবলৈ বাধ্য হৈছে।

Related News