NORTHEAST NOW (Assamese)

প্ৰলোভনে কাম নিদিয়াত কণ্ঠ ৰুদ্ধ কৰাৰ পন্থা! চৰকাৰক সমালোচনা নকৰিবলৈ কৰ্মচাৰীক সকীয়নি উচ্চ শিক্ষা সঞ্চালকালয়ৰ

December 30, 2019 8:29 pm · অনুপ শৰ্মা

নাগৰিকত্ব (সংশোধন) আইনৰ বিষয়টোত শিক্ষকসকলৰ মুখ বন্ধ কৰিবলৈ অসম প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অনুৰূপ ব্যৱস্থা লৈছে উচ্চ শিক্ষা সঞ্চালকালয়েও।

আজি উচ্চ শিক্ষা সঞ্চালক জি ফুকনে জাৰি কৰা এখন জাননীত কোৱা হৈছে যে চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰক সমালোচনা কৰি কোনো মত বা মন্তব্য আগ বঢ়াব নোৱাৰিব।

“যদি চৰকাৰী কৰ্মচাৰীক চৰকাৰক সমালোচনা কৰা দেখা যায়, তেওঁক অসম অসামৰিক সেৱা (আচৰণ) বিধি, ১৯৬৫-ৰ নিয়ম ৩ আৰু ৭-ৰ উলংঘা কৰা বুলি ধৰা হ’ব, পৰিণামত যিটোৱে অসম সেৱা (অনুশাসন আৰু আৱেদন) বিধি ১৯৬৪-ৰ যথোপযুক্ত ব্যৱস্থাবোৰক মাতি আনিব”, জাননীখনত কোৱা হয়।

উল্লেখযোগ্য যে যোৱা ২৪ ডিচেম্বৰত প্ৰাথমিক শিক্ষা সঞ্চালকালয়েও অনুৰূপ জাননী জাৰি কৰিছিল।

উচ্চ শিক্ষা সঞ্চালকালয়ে জাৰি কৰা জাননীখনৰ প্ৰতিলিপি।

প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ জাননীখনত শিক্ষকসকলক উদ্দেশ্য কৰি কোৱা হৈছিল যে ফেইচবুক, টুইটাৰ, হোৱাটছএপ আদি ছ’চিয়েল মিডিয়াত যিসকল বিভাগীয় নিয়মীয়া অথবা ঠিকাভিত্তিক চৰকাৰী কৰ্মচাৰী ৰাজনৈতিক কাৰ্যকলাপ আৰু গতিবিধিত জড়িত হৈছে, সেইসকলৰ বিৰুদ্ধে বিভাগীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ জাননীখনক লৈ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই আজি উচ্চ শিক্ষা সঞ্চালকালয়ৰ জাননীয়ে চৰকাৰৰ দমনমূলক ৰূপটো অধিক প্ৰকট কৰিলে।

চাৰিওফালে CAA-বিৰোধী তথা চৰকাৰ-বিৰোধী ধ্বনি উঠাৰ সময়ত চৰকাৰী অনুশাসনৰ দোহাই দি চৰকাৰে বাক স্বাধীনতা খৰ্ব কৰিব খুজিছে বুলি মন্তব্য কৰিছে বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে।

চাকৰি, সাহায্য, বিভিন্ন আঁচনিৰ প্ৰলোভনে আন্দোলনৰ তীব্ৰতা হ্ৰাস কৰিব নোৱৰাত চৰকাৰে এইবাৰ মুখ বন্ধ কৰাৰ পন্থা অৱলম্বন কৰিছে বুলি মন্তব্য ছ’চিয়েল মিডিয়া য়ুজাৰৰ।

Related News