NORTHEAST NOW (Assamese)

নিৰ্বাচনৰ পূৰ্বে মোক্ষম আঘাত যোগী আদিত্যনাথ শিবিৰত; মন্ত্ৰীসহ চাৰি বিধায়কৰ দল ত্যাগ

January 11, 2022 7:14 pm · এন ই নাও নিউজ, গুৱাহাটী

নিৰ্বাচনলৈ মাত্ৰ এমাহ থাকোতে মোক্ষম আঘাত লাভ কৰিছে যোগী আদিত্যনাথ আৰু বিজেপি দলে। আনে নহয়, বুকুৰ কুটুমে এই আঘাত দিলে যোগী আদিন্যনাথক।

দ্বিতীয়বাৰৰ বাবে ক্ষমতা লাভৰ আশাত বন্দী যোগীৰ বিজেপিত আৰম্ভ হৈছে খহনীয়াৰ। আঘাত সহ্য কৰিবলগীয়া হৈছে উত্তৰ প্ৰদেশ বিজেপিয়েও।

ইতিমধ্য মুখ্যমন্ত্ৰী যোগী আৰু বিজেপিক মোক্ষম আঘাত দি কেবিনেট মন্ত্ৰীত্ব এৰিছে উত্তৰ প্ৰদেশৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে। আজি যোগীৰ কেবিনেটৰ পৰা পদত্যাগ কৰিছে মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্যই।

তেওঁৰ লগতে দলত্যাগ কৰিছে বিজেপিৰ তিনিগৰাকী বিধায়কেও। দলত্যাগী বিধায়ক – ৰোশন লাল বাৰ্মা, ব্ৰজেশ প্ৰজাপতি, ভাগৱতী সাগৰ আৰু বিনয় সিংহই তেওঁলোকৰ পদত্যাগৰ কথা ঘোষণা কৰে।

যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ চৰকাৰে সকলো ক্ষেত্ৰতে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি পদত্যাগ কৰিছে মন্ত্ৰী মৌৰ্যই।

যোগী চৰকাৰে দলিত, পিছপৰা, কৃষক, নিবনুৱা যুৱক, ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ী সকলোৰে প্ৰতি অৱহেনামূলক মনোভাৱ লোৱা বুলিও অভিযোগ সদ্য পদত্যাগী মন্ত্ৰী মৌৰ্যৰ।

ইফালে মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ বিজেপি দলো ত্যাগ কৰিছে স্বামী প্ৰসাদ মৌৰ্যই। প্ৰকাশিত বাতৰি মতে বিজেপি এৰাৰ পিছতে অখিলেশ সিং যাদৱৰ সমাজবাদী পাৰ্টিত যোগদান কৰিব মৌৰ্যই।

অৱশ্যে যোগীৰ কেবিনেটৰ প্ৰাক্তন সতীৰ্থগৰাকীয়ে কেতিয়াকৈ সমাজবাদী পাৰ্টিত যোগদান কৰিব সেয়া এতিয়াও ঘোষণা কৰা নাই।

অৱশ্যে মৌৰ্যৰ লগতে আৰু কেবাগৰাকীও বিজেপি নেতাই সমাজবাদী পাৰ্টিত যোগদান কৰাৰ সম্ভাৱনা আছে।

এই সম্ভাৱনাৰ ইংগিত দিছে সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ সিং যাদৱে। যাদৱে মৌৰ্যসহ অন্য নেতাসকলক স্বাগতম জনায় আগতীয়াকৈ এক টুইটো কৰিছে।

কিন্তু নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ বাকী থকা অৱস্থাত এইদৰে যোগীৰ সংগ এৰাটোৱে উত্তৰ প্ৰদেশত বিজেপিয়ে সংকটত পৰাটোকে সূচাইছে।

মৌৰ্যৰ দল ত্যাগে উত্তৰ প্ৰদেশ বিজেপিৰ ভিতৰ চ’ৰাত চলি থকা দলীয় অন্তৰ্কন্দল বৰ্হিপ্ৰকাশ ঘটিল বুলিও ধাৰণা কৰা হৈছে।

ইফালে যোগীৰ বিৰুদ্ধে সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ সিং যাদৱে তীব্ৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে।

অখিলেশৰ উক্ত ৰেলীসমূহত বিপুলসংখ্যক সাধাৰণ জনতাৰ উপস্থিতি দেখা গৈছে। অখিলেশ সিং যাদৱৰ প্ৰতি সাধাৰণ জনতাৰ এই উছাহে যোগী আদিত্যনাথৰ দুঃচিন্তা বঢ়াই তুলিছে।

ঠিক তেনে সময়তে যোগীৰ জ্যেষ্ঠ সতীৰ্থই তেওঁৰ সংগ ত্যাগ কৰাটোৱে এয়া যোগীৰ পতনৰ আগজাননী নেকি বুলিও চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে অহা ১০ ফেব্ৰুৱাৰিৰ পৰা ৭ মাৰ্চলৈকে উত্তৰ প্ৰদেশত ৭ টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।

Related News