NORTHEAST NOW (Assamese)
অসম

অসমত খিলঞ্জীয়াৰ প্ৰকৃত সংজ্ঞা নাই; বিজেপিৰ সংখ্যালঘু নেতা মমিনুল আৱালৰ বিস্ফোৰক মন্তব্য

Posted by: মীনাক্ষী ফুকন, গোলাঘাট Updated by: মীনাক্ষী ফুকন, গোলাঘাট September 28, 2021 6:55 am
Muminul Awal

অসমৰ সন্দেহজনক সংখ্যালঘু লোকৰ সৈতে জড়িত আছে কোনো আন্তঃৰাষ্ট্ৰীয় শক্তি।গৰুখুঁটিৰ উচ্ছেদৰ চিঞৰ বিশ্বজুৰি বিয়পিছে। দেশ বিভাজনৰ সময়ত মহম্মদ আলি জিন্নাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিছে অসমৰ একাংশ সংখ্যালঘু নেতাই।

গৃহজিলা গোলাঘাটত উপস্থিত হৈ সোমবাৰে এইদৰে একাধিক বিস্ফোৰণ ঘটায় বিজেপিৰ সংখ্যালঘু নেতা মমিনুল আৱালে।

আৱালে কয় যে অসমত এতিয়া চলিছে আন্ত:জিলা আৰু আন্তঃসমষ্টি প্ৰব্ৰজন। জনবিস্ফোৰণ হোৱা সমষ্টিসমূহৰ পৰা নিলগৰ সমষ্টিলৈ এতিয়া চলিছে প্ৰব্ৰজনৰ চক্ৰান্ত। সন্দেহজনক লোকৰ ঘনত্ব বৃদ্ধি পোৱা সমষ্টিৰ লোকে এতিয়া টাৰ্গেট কৰিছে ওচৰৰ অন্য সমষ্টিসমূহক।

তেওঁ লগতে কয় যে একেই দৃশ্য গোলাঘাটতো। গোলাঘাটৰ অসম-নগা সীমান্তৱৰ্তী অঞ্চলকে আদি কৰি ৰাজ্যৰ বিভিন্ন সমষ্টি এতিয়া সন্দেহজনক প্ৰব্ৰজনকাৰীৰ টাৰ্গেটৰ কৱলত পৰিছে।

আনহাতে, শেহতীয়া উচ্ছেদৰ ঘটনা সম্পৰ্কত আৱালে কয় যে গৰুখুঁটিৰ ঘটনা ব্ৰহ্মপুত্ৰৰ চৰত বহি এদিনত লোৱা সিদ্ধান্ত নহয়, ই সম্পূৰ্ণৰূপে আন্তঃৰাষ্ট্ৰীয় স্তৰৰ এক পূৰ্বপৰিকল্পিত ঘটনা।

আৱালে কয়, ‘’অখণ্ড ভাৰতত বসবাস কৰা ১% বাংলাদেশী লোকৰ গ‌ইনা লৈ আজি বাকী ৯৯% শতাংশ‌ই নিজকে ভাৰতীয় আৰু খিলঞ্জীয়া সজোৱাৰ যো-জা চলাইছে। কেৱল আমছু বা AIUDFয়েই নহয়, খোদ বিজেপিত থকা একাংশ সংখ্যালঘু নেতায়ো লৈছে একেই পন্থা। ১৯০৯ চনৰ অখণ্ড ভাৰতত বসবাস কৰা সংখ্যালঘু লোকে কোনো সমস্যাৰ সৃষ্টি কৰা নাই। সমস্যা কৰিছে অসম চুক্তিৰ ভিত্তিত ১৯৭১ চনত ভাৰতত প্ৰৱেশ কৰা প্ৰব্ৰজনকাৰীয়েহে।‘’

ইপিনে, আজিলৈকে অসমত কোনো খিলঞ্জীয়াৰ প্ৰকৃত সংজ্ঞা নাই বুলিও উল্লেখ কৰে সংখ্যালঘু নেতা জনে।

মমিনুল আৱালৰ অভিযোগ ‘’আমছু, AIUDF আৰু PFI ইত্যাদিবোৰ হৈছে আন্তঃৰাষ্ট্ৰীয় সংখ্যালঘু শক্তিৰ অভাৰগ্ৰাউণ্ড সদস্য। অসমৰ একাংশ সংখ্যালঘু বুদ্ধিজীৱীও জড়িত আছে ইয়াৰ সৈতে।‘’

তেওঁ লগতে কটাক্ষ কৰি কয়, ‘’আমছুৰ লগতে সন্দেহজনক বাংলাদেশীৰ দুখৰ সময়ত চিঞৰ-বাখৰ কৰা ৰাজ্যৰ সংখ্যালঘু বুদ্ধিজীৱীয়ে খায় পাকিস্তান আৰু বাংলাদেশৰ ফাৰ্মাচিৰ টেবলেট।‘’