NORTHEAST NOW (Assamese)

শংকিত! বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে ভোটাৰক মুকলিকৈ ধন বিলোৱা ভিডিঅ’ ভাইৰেল

March 31, 2021 12:48 pm · এন ই নাও নিউজ

মৰিগাঁও বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে মুকলিকৈ ভোটাৰৰ মাজত ধন বিলাই থকা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

এই ঘটনাই বিভিন্ন মহলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ক্ষমতাৰ বলত বলীয়ান হৈ ধনবলেৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ প্ৰচেষ্টা চলায় বিধায়ক ৰমাকান্ত দেউৰীয়ে।

বিজেপি বিধায়জনে বিভিন্ন সময়ত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ ঘটনা সংঘটিত কৰিছে যদিও শাসক পক্ষৰ বিধায়ক হোৱাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে বিৰোধী দলবোৰে।

ইয়াৰ মাজতে মঙলবাৰে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত বিজেপি বিধায়কগৰাকীয়ে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পাছত ভোটাৰৰ মাজত মুকলিকৈ ধন বিলোৱা দেখা যায়।

বিধায়কগৰাকীয়ে ধন বিলাই থকা এই ভিডিঅ’ ইতিমধ্যে বিভিন্ন মাধ্যমত ভাইৰেল হৈ পৰিছে। বিধায়কগৰাকীয়ে এনেদৰে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ ঘটনাত সমষ্টিটোৰ ভোটাৰসকলৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আনহাতে, বিৰোধীদলসমূহে এই ঘটনাৰ পাছত বিজেপি বিধায়কগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক দাবী জনোৱাৰ লগতে আয়োগৰ ওচৰত লিখিত অভিযোগ দাখিল কৰাৰো প্ৰস্তুতি চলাইছে।

নিজ দল ক্ষমতাত থকাৰ সূত্ৰেই বিতৰ্কিত বিজেপি বিধায়কগৰাকীয়ে এইদৰে ধনৰ প্ৰলোভন দেখুৱাই নিৰ্বাচনী ৰণ জিকাৰ পৰিকল্পনা কৰা বুলি চৰ্চা লাভ কৰিছে।

আনহাতে, সমষ্টিটোৰ একাংশ লোকে ক’ব খোজে যে নিৰ্বাচনত পৰাজয়ৰ শংকাত ভূগিয়েই বিজেপি বিধায়কগৰাকীয়ে এনেদৰে ধনবলৰ আশ্ৰয় লৈছে।

Related News